NORTHEAST NOW (Assamese)
অসম

যোৰহাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱা

Posted by: এন ই নাও নিউজ July 13, 2018 3:28 pm
যুগল বৰুৱা

যোৰহাটত ঔষধ পৰিদৰ্শক যুগল বৰুৱাক উৎকোচ লোৱাৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত ঔষধ পৰিদৰ্শক যুগল বৰুৱা জালত পৰে।

জানিব পৰা মতে ২০ হাজাৰ টকা উৎকোচ লওতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানকাৰী দলে বিষয়াগৰাকীক হাতে লোটে ধৰা পেলায়।

ঔষধ পৰিদৰ্শকগৰাকীয়ে এজন ফাৰ্মাচিষ্টক উৎকোচ বিচাৰি হাৰাশাস্তি কৰি আহিছিল। পৰিদৰ্শকগৰাকীৰ এই কাৰ্যত অতিষ্ঠ হৈ ফাৰ্মাচিষ্টগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপিছিল।

উক্ত ফাৰ্মাচিষ্টগৰাকীৰ পৰা অভিযোগ পোৱাৰ পিছতেই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই পৰিকল্পনা কৰি বৰুৱাক আজি গ্ৰেপ্তাৰ কৰে।

যোৰহাটৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰা ঔষধ পৰিদৰ্শক যুগল বৰুৱাৰ ঘৰ চৰাইদেউৰ সাপেখাটীত বুলি জানিব পৰা গৈছে।