NORTHEAST NOW (Assamese)

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক ৰহাত গ্ৰেপ্তাৰ

February 16, 2018 11:27 am · এন ই নাও নিউজ
Updated: February 16, 2018 3:16 pm

বুধবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰা ৰাতুল নাথ নামৰ কয়দীজনক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰখনৰ পৰা ৰাতুল নাথ নামৰ কয়দীজন পলায়ন কৰিছিল। কেন্দ্ৰীয় কাৰাগাৰখনত থকা কটকটীয়া নিৰাপত্তাৰ মাজতো এজন কয়দী কেনেদৰে পলায়ন কৰিলে তাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল।

অৱশ্যে আৰক্ষীয়ে পলায়ন কৰা ৰাতুল নাথ নামৰ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীজনক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ৰাতুল নাথ নামৰ কয়দীজনক ৰহাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।  ২০১৩ চনত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈছিল ৰাতুল। ৰাতুলৰ ৰহাৰ জৰাবাৰী গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে।

Related News