NORTHEAST NOW (Assamese)

যোৰাবাট নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিনামূলীয়া কেম’থেৰাপিৰ ব্যৱস্থা

March 27, 2018 11:25 am · এন ই নাও নিউজ

কৰ্কট ৰোগৰ চিকিৎসা ব্যয়বহুল হোৱাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকলে এই চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে। ফলত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তি সকলে বিনা চিকিৎসাৰেই মৃত্যু মুখত পৰে।

গতিকে এই কথাৰ প্ৰতি লক্ষ্য ৰাখি যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল আৰু গৱেষণা প্ৰতিষ্ঠানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিক কৰ্কট ৰোগৰ ব্যয় বহুল চিকিৎসা কেম’থেৰাপি বিনামূলীয়াকৈ দিয়াৰ দৰে এক উল পদক্ষেপ গ্ৰহণ কৰিছে।

যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক ডাঃ এন এন বৰুৱাই এই কথা ঘোষণা কৰি কয় যে এখন ব্যক্তিগত হস্পিতালত সকলোকে বিনামূলীয়া এই কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰা সম্ভৱ নহয়। অৱশ্যে তেওঁ এই পদক্ষেপৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকল যথেষ্টভাৱে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

কৰ্কট ৰোগৰ ব্ৰেইন আৰু ডিঙিৰ শল্যচিকিৎসক তথা জিনেভাৰ আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ নিয়ন্ত্ৰণ সংস্থাৰ সদস্য ডাঃ বৰুৱাই কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকলৰ জীৱন কৰ্কট ৰোগে আৰু দুৰ্বিষহ কৰি তুলে।

আনহাতে তেওঁ এই বিনামূলীয়া কৰ্কট ৰোগ কেম’থেৰাপিৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰায় ১০০ ৰোগীয়ে সকাহ পাব তথা লাভৱাম্বিত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কেম’থেৰাপি কৰ্কট ৰোগীৰ বাবে এক ব্যৱস্থাগত পদ্ধতি টি শৰীৰৰ নলীৰ আকৃতিৰ অংগ আৰু টিউমাৰ কোষ মৰাত সহায় কৰে। আৰু এই কেম’থেৰাপি বহু ব্যয় বহুল হোৱাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি সকলে ইয়াক গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰে।

Related News