NORTHEAST NOW (Assamese)
অসম

যোৱা ২ টা বছৰত ৰাজ্যত মুঠ ৪৫ হাজাৰক চৰকাৰী চাকৰিত নিযুক্তি : মুখ্য মন্ত্ৰী সোণোৱাল

Posted by: এনই নাও নিউজ June 6, 2018 10:33 pm
Sarbanada Sonowal

ৰাজ্যৰ শাসনৰ দায়িত্ব হাতত লোৱাৰে পৰা যোৱা ২ টা বছৰত ৰাজ্য চৰকাৰে মুঠ ৪৫ হাজাৰক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিছে। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি তিনিচুকীয়াৰ জনমুখৰ বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আয়োজন কৰা মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি তেওঁ কথা উল্লেখ কৰে।

তেওঁ কয় যে, মহিলাসকলৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত মহিলা সকলৰ আৰ্থ-সামাজিক পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে।

উক্ত সমাৰোহতে তেওঁ ২২ টা মহিলা আত্ম-সহায়ক গোটলৈ আনুষ্ঠানিকভাৱে বিতীয় অনুদান প্ৰদান কৰে।

উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ১২ টা বিধান সভা সমষ্টিৰ মুঠ ৮২৬৬ টা মহিলা আত্ম-সহায়ক গোটৰ মাজত বিত্তীয় অনুদান প্ৰদান কৰা হ’ব বুলি মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতিত কোৱা হৈছে।

এই আঁচিনৰ জৰিয়তে প্ৰথম পৰ্যায়ত মুঠ ১.২৬ লাখ আৰু পৰৱৰ্তী পৰ্যায়ত ১ লাখ মহিলা আত্ম-সহায়ক গোটক অনুদান প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে লগতে কয় যে যিসকল আত্ম-সহায়ক গোটে সফলতা অৰ্জন কৰিব পাৰিব সেই গোটসমহূৰ মাজৰ পৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় গোট চিনাক্ত কৰি তেওঁলোকক ক্ৰমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব।

আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, স্বতন্ত্ৰ ৰাজ্যিক শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ, সাংসদ ক্ৰমে কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা, হাউছফেড়ৰ অধ্যক্ষ ৰঞ্জিত দাস, তিনিচুকীয়াৰ উপায়ুক্তকে ধৰি বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।