NORTHEAST NOW (Assamese)
Popular Stories

লক্ষ্য ৰে’লৱে’ৰ ৫০ হাজাৰ খালী পদ; থলুৱা প্ৰাৰ্থীক বিশেষ পাঠদানৰ ব্যৱস্থা আছুৰ

Posted by: এন ই নাও নিউজ July 21, 2018 6:15 pm
AASU on India's New Education Policy 2020

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ত অসমৰ থলুৱা প্ৰাৰ্থীক কৰা বঞ্চনাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা সদৌ অসম ছাত্ৰ সন্থাই ৰে’লৱে’ত খালী হোৱা প্ৰায় ৫০ হাজাৰ পদত থলুৱাৰ নিযুক্তিৰ বাবে হাতত লৈছে এক বিশেষ পদক্ষেপ।

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ এই খালী পদসমূহৰ বাবে দাইত নামৰ এক সংস্থাৰ সহযোগত আছুৰ যোৰহাট আঞ্চলিকে আৰম্ভ কৰিছে এক প্ৰস্তুতিমূলক ক’চিং ক্লাছ।

অহা ১১ আগষ্টৰ পৰা ১১ ছেপ্তেম্বৰলৈকে যোৰহাটৰ চি কে বি বাণিজ্য মহাবিদ্যালয়ত চলিব লগা এই পাঠদান কাৰ্য্যসূচীত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলে নামভৰ্তি কৰিব পাৰে।

aasu assam
যোগাযোগৰ ফ’ন নম্বৰ তথা সৱিশেষ তথ্যৰ বাবে এই ছবিখন ক্লিক কৰক

নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন অহা ১ আগষ্ট। যোৱা ২০ জুলাইৰ পৰা যোৰহাটৰ জে বি কলেজৰ আছু কাৰ্য্যালয়ত এই নামভৰ্তিৰ আবেদন দি থকা হৈছে।

‘উত্তৰ-পূব সীমান্ত ৰে’লৱে’ত ১০০% থলুৱাই নিযুক্তি লাভ’ কৰাৰ ‘আশাৰে’ এই প্ৰচেষ্টা লোৱা বুলি জনাইছে আছুৱে l

এই পাঠদান শ্ৰেণীত ‘ইতিমধ্যে ৰে’লৱে’ পৰীক্ষাত সফল হোৱা প্ৰাৰ্থী আৰু ৰে’লৱে’ৰ উচ্চপদস্থ বিষয়াৰ সৈতে কথা-বতৰাৰ বিশেষ পৰ্বও থাকিব,’ আছুৰ বাৰ্তাত প্ৰকাশ।

আছুৱে প্ৰকাশ কৰা অনুসৰি উত্তৰ-পূব ৰে’লৱে’ত সহকাৰী ৰে’ল চালক আৰু টেকনিচিয়ানৰ মুঠ ২৬৫০২টা আৰু ৰে’ল টিকেট সংগ্ৰাহক আৰু টি টি ইৰ মুঠ ২০ হাজাৰটা পদ খালী আছে।

অসমৰ সাংসদ ৰাজেন গোহাঁই ৰাজ্যিক ৰে’ল মন্ত্ৰী হৈ থকাৰ পিছতো উত্তৰ-পূব সীমান্ত ৰে’লৱে’ত থলুৱা প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত আজিও বঞ্চিত হৈ থকা বুলি সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি সন্থাৰ উত্তৰ-পূব সীমান্ত ৰে’ল শাখাই যোৱা ৬ জুলাইত অভিযোগ আনিছিল।