NORTHEAST NOW (Assamese)
অসম

লাফিকুল হত্যাৰ এবছৰ : চৰকাৰলৈ ব্যৰ্থতাৰ আঙুলি এবিএমছুৰ; পৰিয়ালে ওভতাব চাকৰি

Posted by: ৰিনয় বসুমতাৰী July 24, 2018 10:17 pm
abmsu assam

এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ এবছৰ সম্পূৰ্ণ হ’বৰ হোৱা সত্ত্বেও হত্যাকাৰীৰ কোনো সন্ধান উলিয়াব নোৱৰা চৰকাৰলৈ ব্যৰ্থতাৰ আঙুলি টোৱাইছে সংগঠনটোৱে।

‘(লাফিকুল) হত্যাৰ তদন্ত এচআইটি, চিবিআইক দিয়া হ’ল যদিও হত্যাকাৰীৰ কোনো ক্লুৱেই বাহিৰ কৰিব নোৱাৰিলে তদন্তকাৰী সংস্থাই। সেয়ে এই হত্যাৰ আঁৰত যে গভীৰ যড়যন্ত্ৰ লুকাই আছিল সেয়া আৰু ৰাইজৰ বুজিবলৈ বাকী নাই,’ এবিএমছুৰ সভাপতি শ্বাহকামাল খণ্ডকাৰৰ মন্তব্য।

লাফিকুলৰ পৰিয়ালৰ দুজন সদস্যক তেওঁৰ হত্যাৰ পিছত বিটিচি প্ৰশাসনে দিয়া ঠিকাভিত্তিক চাকৰি আৰু আৰ্থিক অনুদানো ওভতাই দিয়া হ’ব বুলিও ঘোষণা কৰিছে এবিএমছুৱে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো খণ্ডকাৰে মিছলীয়াৰূপে আখ্যা দিয়ে। অহা ১ আগষ্টত এবছৰ সম্পূৰ্ণ হ’ব লগা লাফিকুল হত্যাৰ লগত জৰিত হত্যাকাৰীক যিকোনো মূল্যৰ বিনিময়ত কৰায়ত্ত কৰি শাস্তি বিহা হ’ব বুলি মুখ্য মন্ত্ৰীয়ে দিয়া আশ্বাস প্ৰসংগত খণ্ডকাৰে এই মন্তব্য কৰিছে।

‘মুখ্যমন্ত্ৰীয়ে এবিএমছু আৰু আমছুৰ প্ৰতিনিধিৰ আগত যিকোনো মূল্যৰ বিনিময়ত লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল,’ কোকৰাঝাৰৰ কাষৰ ভোটগাঁওস্থিত এবিএমছুৰ কাৰ্য্যালয়ত আজি ২৪ জুলাইত সংবাদমেলত এবিএমছুৰ সভাপতিৰ মন্তব্য।

চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি খণ্ডকাৰে ‘লাফিকুলৰ হত্যাৰ দিনটো অৰ্থাৎ ১ আগষ্ট দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰা হ’ব’ বুলি জনোৱাৰ লগতে ‘উক্ত দিনাই ন্যায় প্ৰদানৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব’ বুলিও ঘোষণা কৰে।

ইপিনে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত চলি থকা এন আৰ চি উন্নীতকৰণৰ কামক আদৰণি জনাই যদিও সংগঠনটোৱে অসম আৰক্ষীৰ সীমান্ত আৰক্ষী বিভাগে কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ প্ৰকৃত ভাৰতীয় লোক তথা সংখ্যালঘুক “ডি” ভোটাৰ হিচাপে জাননী প্ৰেৰণ কৰা কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে এবিএমছুৱে।

মৃতকৰ নামতো ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰি সংখ্যালঘু লোকক মানসিক নিৰ্যাতন কৰা বুলি অভিযোগ কৰি এবিএমছুৰ সভাপতি গৰাকীয়ে সীমান্ত আৰক্ষীৰ এনে অপকাৰ্য শীঘ্ৰে বন্ধ নকৰিলে ব্যাপক গণ আন্দোলনো গঢ়ি তোলা হ’ব বুলিও হুমকি প্ৰদান কৰিছে।