NORTHEAST NOW (Assamese)

লাৰছেন এণ্ড টউব্ৰ’ৱে দায়িত্ব ল’লে বাংলাদেশৰ ভেৰামাৰাৰ ৩৬০ মেগাৱাট সম্পন্ন শক্তি প্ৰকল্পৰ

January 9, 2018 6:39 pm · এন ই নাও নিউজ

আভিযান্ত্ৰিক ক্ষেত্ৰৰ মহাৰথী লাৰছেন এণ্ড টউব্ৰ’ৱে বাংলাদেশৰ ৩৬০ মেগাৱট শক্তিসম্পন্ন ভেৰামাৰা প্ৰকল্পৰ দায়িত্ব গ্ৰহণ কৰিছে।

ভেৰামাৰা কম্বাইন্ড চাইক’ল পাৱাৰ প্লেন্ট ডেভেলপমেন্ট প্ৰজেক্টটো বাংলাদেশৰ শক্তি উন্নয়ন পৰিষদৰ এটি সম্পূৰ্ণ ৰাজসাহায্যযুক্ত নৰ্থ ৱেষ্ট পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেডক যোৱা ৫ জানুৱাৰীত হস্তান্তৰ কৰা হৈছিল।

এই শক্তি প্ৰকল্পটো বাংলাদেশৰ খুছটিয়া জিলাৰ ভেৰামাৰাত অৱস্থিত। কলকাতাৰ পৰা শক্তি প্ৰকল্পটোৰ দূৰত্ব হ’ব আনুমানিক ২৫০ কিলোমিটাৰ।

লাৰছেন এণ্ড টউব্ৰ’ৱে জনায় যে ইয়াৰ কৰ্ম পৰিসৰৰ ভিতৰত আছে ডিজাইন, আভিযান্ত্ৰিক, যোগান, স্থাপনা আৰু চোৱাচিতাৰ দায়িত্বকে ধৰি সমগ্ৰ প্ৰকল্পটোৰ কামৰ প্ৰক্ৰিয়া। জাপানৰ মাৰুবেনি কৰ্পোৰেশ্যন আৰু মিট্ছুবিশি হিটাচি পাৱাৰ চিষ্টেমৰ বাবে কোম্পানীটোৱে এই দায়িত্বসমূহ চোৱাচিতা কৰিব।

 

Related News