NORTHEAST NOW (Assamese)

লিগেচি ডাটাত নাম থকাৰ পিছতো বিশ্বনাথত ৭২ বছৰীয়া বৃদ্ধক সজালে ডি-ভোটাৰ

July 27, 2018 12:23 pm · কাজি জেইদুল ইছলাম

১৯৬৬ চনৰ লিগেচি ডাটাত নাম সন্নিবিষ্ট থকাৰ পিছতো এইবাৰ এগৰাকী ৭২  বছৰীয়া বৃদ্ধ আৰু তেওঁৰ পৰিয়ালক ডি-ভোটাৰ সজোৱা কাৰ্যই বিশ্বনাথ জিলাত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।

ইতিমধ্যে  বিশ্বনাথ জিলাৰ ৪নং চতিয়া গাঁও পঞ্চায়তে জাৰি কৰা নিৰ্দেশনা অনুসৰি লাল মিঞা নামৰ বৃদ্ধজনৰ লগতে তেওঁৰ পৰিয়ালটোক ডি-ভোটাৰ সজোৱা হৈছে বুলি অভিযোগ উঠিছে।

উল্লেখ্য যে বিশ্বনাথৰ বক্ৰাপট্টাৰ লাল মিঞাই ইতিমধ্যে ভাৰতীয় পাৰপত্ৰৰে হজ যাত্ৰাও কৰি আহিছে। তদুপৰি প্ৰায়বোৰ নিৰ্বাচনতে উক্ত ব্যক্তিজনে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে।

আনহাতে, ১৯৩০ চনৰ মাটিৰ এখন জবানবন্দীত লাল মিঞাৰ পিতৃৰ নাম সন্নিবিষ্ট হৈ আছে। তেনে ক্ষেত্ৰত পৰিয়ালটোক ডি-ভোটাৰ সজোৱাত আকাশী সৰগ ভাগি পৰিছে ১৯৬৫ চনতে নগাঁৱৰ কান্দুলিমৰাৰ পৰা আহি বিশ্বনাথৰ বক্ৰাপট্টাত বসবাস কৰি থকা লাল মিঞাৰ ওপৰত।

আনকি ডি-ভোটাৰ সজোৱাৰ পৰা সাৰি নগ’ল লাল মিঞাৰ ৯ বছৰীয়া আৰু ৩ বছৰীয়া নাতি কেইটাও। উপায়হীন হৈ অৱশেষত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত সদৰী কৰে সমস্ত ঘটনা।

Related News