NORTHEAST NOW (Assamese)
অসম

লুই বাৰ্জাৰৰ বিৰুদ্ধে তদন্ত খৰতকীয়া কৰিবলৈ আহ্বান জনাই ৰাজনাত সিঙলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ

Posted by: এন ই নাও নিউজ March 29, 2018 10:27 am
We, the northeast, oppose bill cause we are not slaves: Assam MP Gaurav Gogoi in Lok Sabha debate over CAB

গুৱাহাটী পানী যোগান প্ৰকল্পত সংঘটিত এহেজাৰ কোটিটকীয়া কেলেংকাৰীৰ সৈতে জৰিত আমেৰিকাৰ লুই বাৰ্জাৰ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ আহ্বান জনাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে গৃহমন্ত্ৰী ৰাজনাত সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত গগৈয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)ৰ বিষয়া আৰু লুই বাৰ্জাৰৰ মাজত দুৰ্নীতি সংঘটিত হোৱা বুলি উঠা অভিযোগক চিন্তাৰ বিষয় বুলি উল্লেখ কৰি কয় যে এইক্ষেত্ৰত খৰতকীয়া তদন্তৰ প্ৰয়োজন আছে।

তেওঁ কয় যে পূৰ্বৰ ৰাজ্য চৰকাৰে ২০১৫ চনত এই গোচৰৰ চি আই ডি তদন্ত আৰম্ভ কৰিছিল যদিও ২০১৬ চনত ক্ষমতালৈ অহা নতুন চৰকাৰৰ দিনত চি আই ডিৰ তদন্ত লেহেমীয়া হোৱাৰ লগতে তদন্তৰ অগ্ৰগতিৰ বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰোৱাত বহু সময়ত ব্যৰ্থ হৈছে।

যাৰ ফলত চি আই ডিয়ে বিষয়টোত পক্ষপাতিত্বমূলক ভাৱে কাম কৰি আহিছে বুলি উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অৱশেষত গোচৰটোৰ তদন্তভাৰ ২০১৭ চনত চি বি আইক অৰ্পণ কৰে।

কিন্তু চি বি আইৰ হাতলৈ অহাৰ পিছতো গোচৰটোৰ তদন্তই গতি লোৱা নাই বুলি অভিযোগ কৰি গগৈয়ে কয় যে আমেৰিকাৰ প্ৰতিষ্ঠানটোৱে পানী যোগান প্ৰকল্পৰ পৰামৰ্শদাতা হিচাপে কাম পোৱাৰ বাবে অসম আৰু গোৱা চৰকাৰক ভেটী দিয়াৰ কথা নিউ জাৰ্ছীৰ এখন আদালতত স্বীকাৰ কৰাৰ পিছতো তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰি থকাৰ কোনো কাৰণ থাকিব নালাগে।

চৰকাৰৰ এই স্থিতি তেওঁলোকৰ ‘না খাওংগা, না খানে দুংগা’ শ্লোগানৰ পৰিপন্থী বুলি উল্লেখ কৰি তেওঁ গোচৰটোৰ অগ্ৰগতিৰ বুজ ল’বলৈ গৃহমন্ত্ৰীক অনুৰোধ জনায়।