NORTHEAST NOW (Assamese)
অসম

লোকসেৱা আয়োগৰ কেলেংকাৰী: আজি ৬ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে দাখিল কৰা হ’ব অভিযোগনামা

Posted by: এন ই নাও নিউজ May 24, 2018 2:43 pm
apsc

দিনে দিনে বিপদ চাপি আহিছে ধন দি অসম লোকসেৱা আয়োগৰ চাকৰি কিনা বিষয়াৰ। এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত আজি পুনৰ চাৰ্জশ্বীট দাখিল কৰিব ডিব্ৰুগড় আৰক্ষীয়ে৷ বিশেষ আদালতত দাখিল কৰা হ’ব কেলেংকাৰীটোৰ পঞ্চমখন অভিযোগনামা৷ চাৰ্জশ্বীট দাখিল কৰা হ’ব ধৃত ৬ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি  ডিব্ৰুগড় আৰক্ষীয়ে ৰিতুৰাজ গগৈ, কৌশিক কলিতা, সত্যজিৎ সৰকাৰ, অভিষেক বৰবৰা, জয়দেৱ মহন্ত আৰু বৰ্ণালী দেৱীৰ বিৰুদ্ধে দাখিল কৰিব অভিযোগনামা৷উল্লেখযোগ্য যে অসম লোকসভা আয়োগৰ কেলেংকাৰীত জড়িত হৈ এতিয়াও পলাতক হৈ আছে ACS বিষয়া সঞ্জন ফুকন আৰু APS বিষয়া দেৱব্ৰত দে’।

আনহাতে আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কেলেংকাৰিৰ মূল নায়ক ৰাকেশ পালৰ পত্নী সুনন্দা পালক শীঘ্রেই আৰক্ষীয়ে জেৰা কৰিব। বিগত প্রায় ডেৰ বছৰ ধৰি আৰক্ষীয়ে তদন্তৰ আওতাৰ পৰা আঁতৰাই ৰখা সুনন্দা পালৰ বিৰুদ্ধে ৰাকেশ পালৰ দুর্নীতিত সহযোগ কৰাৰ পর্যাপ্ত তথ্য লাভ কৰাৰ পাছতে তেওঁক জেৰা কৰিবলৈ আৰক্ষী সাজু হৈছে বুলি  জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ৰাকেশ পালৰ পত্নী সুনন্দা পালৰ বিৰুদ্ধে লোকসেৱা আয়োগৰ বিভিন্ন তথ্য-প্রমাণ নষ্ট কৰাৰ অভিযোগ আছে। সেয়েহে আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

Top of Form