NORTHEAST NOW (Assamese)
অসম

শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও ভৰিৰে লিখিয়েই মেট্ৰিকত প্ৰথম বিভাগ লাভ হোজাইৰ জেবিন কৌছাৰৰ

Posted by: এন ই নাও নিউজ May 25, 2018 10:24 pm

প্ৰতিবন্ধী আৰু দৰিদ্ৰতাক নেওচি হোজাইৰ মোৰাঝাৰৰ জেবিন কৌছাৰে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

আজি ঘোষিত ফলাফলত কৃতী ছাত্ৰী গৰাকীয়ে অসমীয়াত ৬০, ইংৰাজীত ৫৯, সাধাৰণ গণিতত ৬০, সাধাৰণ বিজ্ঞানত ৫৮, সমাজ বিজ্ঞানত ৬৫, ভূগোলত ৭০ নম্বৰ সহ মুঠ ৩৮১ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷

উল্লেখযোগ্য যে কৃতী ছাত্ৰী গৰাকী এক বিশেষ ৰোগত আক্ৰান্ত হৈ হাত দুখন অকামিলা হৈ পৰিছিল। আৰু তেতিয়াৰ পৰাই কৃতী ছাত্ৰী গৰাকীয়ে হাতৰ সলনি ভৰিৰে হাতৰ কাম কৰিবলৈ লয়।

আনহাতে স্কুলত অধ্যয়নৰ তীব্ৰ হেঁ‌পাহ পুহি ৰখা ছাত্ৰী গৰাকীৰ সকলো খৰচ বহন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল মোৰাঝাৰ জ্ঞান জ্যোতি একাডেমীৰ অধ্যক্ষা আফছানা বেগম চৌধুৰীয়ে। সেইমতে ছাত্ৰী গৰাকীক স্কুলখনত ভৰ্তি দিছিল অধ্যক্ষা গৰাকীয়ে।

ফলত ছাত্ৰী গৰাকীয়ে বহু কষ্টৰে অধ্যয়ন কৰি অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। ইফালে ছাত্ৰীগৰাকীৰ সাফল্যত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰে। ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰখা জেবিন কৌছৰে হোজাইৰ মৰিয়ম আজমল ৱমেন কলেজত অধ্যয়ন কৰিব বুলি জানিবলৈ দিয়ে।

লগতে মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজৰ ট্ৰাষ্টী ছাদিকুজ  জামানে কৃতী ছাত্ৰী গৰাকীয়ে গাইডেন্স জুনিয়ৰ কলেজত অধ্যয়ন কৰিলে খৰচ বহন কৰাৰো আশ্বাস প্ৰদান কৰিছে।