NORTHEAST NOW (Assamese)
মেঘালয়

শিক্ষকৰ দৰমহাত ব্যয় হয় মেঘালয় শিক্ষা বাজেটৰ নব্বৈ শতাংশতকৈ অধিক ধন : মুখ্য মন্ত্ৰী কনৰাদ

Posted by: এন ই নাও নিউজ March 17, 2018 5:51 pm
Conrad-Sangma

মেঘালয়ৰ শিক্ষা বাজেটৰ নব্বৈ শতাংশতকৈও অধিক ধন শিক্ষকৰ দৰমহাৰ বাবদ ব্যয় হয়। ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী কনৰাদ চাংমাই শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে।

চিনদ কলেজৰ এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত মুখ্য মন্ত্ৰীজনে কয়, ‘ই চিন্তাজনক আৰু প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আন্তঃগাঁথনি আৰু সা-সুবিধা উন্নত কৰাৰ বাবে পৰ্য্যাপ্ত পুঁজি উপলব্ধ হোৱাটো সুনিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ আমি চেষ্টা কৰিছো।’

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি তেওঁ লগতে কৈছে, ‘এক উচৰ্গিত যুৱ নীতি প্ৰস্তুত কৰি যুৱ প্ৰজন্মক সৰ্বোত্তম সুবিধা যোগানৰ বাবে আমি চেষ্টা কৰিছো।’

কনৰাদ চাংমা মেঘালয়ৰ ১২ সংখ্যক মুখ্য মন্ত্ৰী।