NORTHEAST NOW (Assamese)
অসম

শিক্ষামন্ত্ৰীৰ মন্তব্যত ঠিকাভিত্তিক শিক্ষক সন্থাৰ প্ৰতিবাদ, পৰীক্ষা বৰ্জনৰ সিদ্ধান্ত

Posted by: নীলমনি শর্মা June 28, 2018 11:16 am
Siddhartha-Bhattacharya-1-570x320

যোৱা ২৫ জুন তাৰিখে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিশ্বনাথ কলেজত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা ’ঠিকাভিত্তিক চাকৰি নিয়মীয়া কৰণ নহয়’ শীৰ্ষক বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱালপাৰা জিলা মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাই ৷

আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত শিক্ষক সন্থাটোৱে শিক্ষামন্ত্ৰীৰ বক্তব্যত উদ্বেগ প্ৰকাশ কৰাৰ লগতে উক্ত মন্তব্যই সংশ্লিষ্ট শিক্ষকসকলক হতাশগ্ৰস্ত কৰা বুলি উল্লেখ কৰিছে ৷

সন্থাৰ সভাপতি আব্দুল হাই আহমেদ আৰু সম্পাদক শান্তনু কলিতা স্বাক্ষৰিত প্ৰেছ বিবৃতিখনত শিক্ষামন্ত্ৰীৰ মন্তব্যৰ প্ৰতিবাদত সম্প্ৰতি চলি থকা ছয় মাহিলি পৰীক্ষাৰ ২৮ আৰু ২৯ তাৰিখৰ পৰীক্ষা বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

আজি অনুষ্ঠিত সন্থাৰ কাৰ্যনিৰ্বাহক সভাত এই প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সন্থাই জানিবলৈ দিছে।

আনহাতে, ২০১০ চনত নিযুক্তিপ্ৰাপ্ত হাইস্কুলৰ কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে দীৰ্ঘদিন প্ৰাপ্য মজুৰি আদায় নোপোৱা আৰু চাকৰিৰ কোনো নিশ্চয়তা নথকাৰ বাবে দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰি বুধবাৰে সদৌ অসম হাইস্কুল ঠিকাভিত্তিক শিক্ষক সন্থাৰ যোৰহাট জিলা সমিতিয়ে যোৰহাটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ইপিনে টকাৰ অভাৱৰ বাবে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰা বুলি শিক্ষামন্ত্ৰীয়ে যি মন্তৱ্য প্ৰকাশ কৰিছে সেয়া শিক্ষক সমাজৰ প্ৰতি চৰম অপমানৰ লগতে ৰাজহুৱা শিক্ষাৰ প্ৰতি প্ৰচণ্ড ভাবুকি বুলি অভিহিত কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক সমিতিয়ে।