NORTHEAST NOW (Assamese)
অসম

শিক্ষাৰ্থী-জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগ ব্যক্তিৰ বাবে মহানগৰীৰ চিটীবাছত ৫০ শতাংশ ভাৰা ৰেহাই

Posted by: এন ই নাও নিউজ April 7, 2018 12:00 pm
city bus

মহানগৰীৰ বাছসেৱা সমূহত শিক্ষাৰ্থী-জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগ ব্যক্তিৰ ক্ষেত্ৰত ৫০ শতাংশ  ভাৰা ৰেহাইৰ বাবে ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সমিতিয়ে পৰিবহন বিভাগক সময়ে সময়ে দাবী উত্থাপন কৰি আহিছিল। এই দাবীৰ ভিত্তিতে আঞ্চলিক পৰিবহন প্ৰাধীকাৰীৰ সচিব বাপন কলিতাই ৩ এপ্ৰিলত জাৰি কৰিছে এক নিৰ্দেশনা।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত চলি থকা ৬৬৯খন চিটীবাছে এই নিৰ্দেশনা আগন্তুক ১০ দিনৰ ভিতৰত মানি ল’ব লাগিব বুলি পৰিবহন বিভাগে জানিবলৈ দিছে। এই আইন অমান্য কৰা চালক, হেণ্ডিমেন তথা কণ্ডাক্টৰৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ’ব বুলিও জনায় বাপন কলিতাই।

ইতিমধ্যে প্ৰথম পৰ্যায়ত ১০০০ শিক্ষাৰ্থী-জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগ ব্যক্তিক ফটো পৰিচয় পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লোৱা বুলি জনায় কলিতাই। এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পৰিবহন বিভাগৰ পৰা প্ৰ পত্ৰ সংগ্ৰহ কৰিব পাৰিব।

আনহাতে জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগ ব্যক্তসকলৰ বাবেও পৰিচয় পত্ৰ দি থকা হৈছে বুলি জনায় পৰিবহন বিভাগে। পৰিচয় পত্ৰ সংগ্ৰহৰ বাবে সঠিক নথি পত্ৰ জমা দিবলৈ আহ্বান জনায় কলিতাই।

মনকৰিবলগীয়া যে যি সমূহ শিক্ষানুষ্ঠানৰ ইউনিফৰ্ম নাই সেইসকল শিক্ষাৰ্থীয়ে এই সেৱা উপভোগ কৰিবলৈ হ’লে শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ আৰু পৰিবহন বিভাগৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰাটো বাধ্যতামূলক বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰি প্ৰথম পৰ্যায়ত এই নিৰ্দেশনা কাৰ্যকৰী হ’লে পৰৱৰ্তী সময়ত আৰু অধিক শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব বুলি জনায় আঞ্চলিক পৰিবহন প্ৰাধিকাৰীৰ সচিব বাপন কলিতাই।