NORTHEAST NOW (Assamese)

১০ দিন পিছত তলা ওলমিব শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰৰ টিকট ঘৰত!

August 9, 2018 7:40 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: August 9, 2018 11:17 pm

অহা ১০ দিনৰ পিছত তলা ওলমিব পাৰে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ টিকট ঘৰত! টিকট ঘৰৰ লগতে শিৱসাগৰস্থিত পুৰাতত্ব বিভাগটো তলা ওলমোৱাৰ হুংকাৰ দিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই।

শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ আদিকে ধৰি ঐতিহাসিক পৰ্য্যটন ক্ষেত্ৰসমূহত পুৰাতত্ব বিভাগে পৰ্য্যটকৰ বাবে সা-সুবিধা বৃদ্ধিৰ দিশটোলৈ পিঠি দি তাৰ বিপৰীতে পুনৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে মঞ্চৰ জয়সাগৰ আঞ্চলিক সমিতিয়ে আজি ৯ আগষ্টত শিৱসাগৰ চহৰত জনোৱা প্ৰতিবাদত এই হুংকাৰ দিছে সংগঠনটোৱে।

‘অনাগত ১০ দিনৰ ভিতৰত যদি পুৰাতত্ব বিভাগে ঐতিহাসিক সমলসমূহত প্ৰৱেশমূল্য হ্ৰাস নকৰে, তেন্তে বিভাগৰ শিৱসাগৰস্থিত কাৰ্য্যালয় আৰু টিকট সংগ্ৰহৰ ঘৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব,’ হুংকাৰ মঞ্চৰ জয়সাগৰ আঞ্চলিকৰ সভাপতি উমাকান্ত নাহেক আৰু সচিব প্ৰধান ৰিদিপ ডেকাৰ।

শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

পৰ্য্যটকসকলে নতুন, উন্নত সা-সুবিধা পালে প্ৰৱেশ মূল্য বৃদ্ধিত ‘আপত্তি নাই’ বুলি উল্লেখ কৰি মঞ্চই কয় ‘কিন্তু এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা, এটা উপযুক্ত জিৰণি চ’ৰা নথকা, বিজ্ঞানসন্মত শৌচাগাৰ, পেচাবগাৰ নথকা এই কীৰ্তিচিহ্নসমূহ পৰিদৰ্শনৰ বাবে দিবলগীয়া প্ৰৱেশ মাচুল পুনৰবাৰ বৃদ্ধি কৰাটো কোনোপধ্যেই গ্ৰহণ যোগ্য নহয়।’

সমলসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱা বুলি পুৰাতত্ব বিভাগৰ বিৰুদ্ধে অভিযোগ তুলি সংগঠনটোৱে কয় যে কেৱল ৰাজহ সংগ্ৰহ কৰাটোৱেই বিভাগটোৰ মূল কাম হৈ পৰিছে।

পুৰাতত্ব বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মঞ্চই আজি শিৱসাগৰ নগৰ সংযোগী এ. টি. ৰ’ড অৱৰোধ কৰে।

Related News