NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ দিখৌমুখত শ্বৰ্ট চাৰ্কিটৰ ফলত উদ্ভৱ হোৱা অগ্নিকাণ্ডত পশুধনৰ মৃত্যু

Posted by: ৰাজীব দত্ত August 8, 2018 6:56 pm
Fire

কালি নিশা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত উদ্ভৱ হোৱা অগ্নিকাণ্ডৰ ফলত শিৱসাগৰৰ পশ্চিমত অৱস্থিত দিখৌমুখত ভালেমান পশুধনৰ মৃত্যু ঘটিছে। মোগলোৰ দিখৌমুখ মহাবিদ্যালয়ৰ কাষত থকা কমল ভৰালী নামৰ লোক এজনৰ বাসগৃহত এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটে।

এগৰাকী প্ৰত্যক্ষদৰ্শী চুবুৰীয়াই জুই দেখি চিঞৰ-বাখৰ কৰি অগ্নিকাণ্ডৰ বিষয়ে চুবুৰীটোৰ মানুহক অৱগত কৰে। গাঁৱৰ লোকে  আহি যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ চেষ্টা কৰে।

এই জুই গৃহস্থগৰাকীৰ ভঁড়ালঘৰত উৎপত্তি হৈছিল অনুমান কৰা হৈছে।  জুইত জাহ যোৱা গৰু, ছাগলী আৰু হাঁহবোৰ ভড়ালঘৰৰ তলতে বন্ধা আছিল। এই জুইত ৪টা গৰু, ৬টা ছাগলী আৰু ৭টা হাঁহ সম্পূৰ্ণ জ্বলি যায়।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ততাতয়াকৈ আহি ঘটনাৰ বুজ লয়। তাৰ পাছত স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপিত কৰা হয়।

বিভিন্নজনে পোহনীয়া জীৱ-জন্তু আৰু সা-সম্পত্তিৰ হানি হোৱাটোত তেওঁলোকৰ আন্তৰিক সমবেদনা প্ৰকাশ কৰে।