NORTHEAST NOW (Assamese)
অসম

ভয়াবহ বানত প্লাৱিত শিৱসাগৰ : দিখৌ নদীৰ পানীয়ে বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল

Posted by: পাৰ্শ্বজ্যোতি গগৈ August 1, 2018 8:52 am
IMG-20180731-WA0037

শিৱসাগৰত বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰ নগৰৰ লগতে নৈ কাষৰীয়া বহু কেইখন গাঁও বৰ্তমান পানীৰ তলত। বিভিন্ন স্থানত মথাউৰি আৰু পথৰ ওপৰেদি বৈ আছে পানী। আৰু এইদৰে প্ৰৱাহিত হৈ প্লাবিত কৰিছে ন ন অঞ্চল।

বানপানীয়ে ইমানেই ভয়ানক ৰূপ ধাৰ কৰিছে যে জিলাখনৰ অতি গুৰুত্বপূৰ্ণ পথ শিৱসাগৰ-নাজিৰা পথটো মঙলবাৰে জিলা প্ৰশাসনে সন্ধিয়া ৬ বজাৰ পৰা যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে।

উল্লেখ্য যে উক্ত পথটোৰ বিভিন্ন অঞ্চল চেৰেকাপাৰ, সিংঘদুৱাৰ, কুঁজিবালি, চূনপুৰা হাবি গাঁও আৰু চূনপুৰা গৌশালাত দিখৌ নদীৰ পানী পথৰ ওপৰেদি বাগৰাৰ বাবে এই সিদ্ধান্ত লয় জিলা প্ৰশাসনে।

ইফালে শিৱসাগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৪ খন গাঁও ক্ৰমে শ্ৰী পুৰীয়া, বলিয়াঘাট, বোকাবিল, ভাতিবন গাওঁ , কাড়িগাওঁ, কমাৰফদিয়া,  মঠাদাং , অৰ্জুনগুৰি আদিৰ লগতে শিৱসাগৰ চহৰৰ মেটেকা, ফুকননগৰ, কালিবাৰী, চলেগাওঁ , আমগুৰি, হাতিখোঁক, পকাঘাট, দৰবাৰ তিনিআলি আদি অঞ্চল বানত বুৰ যোৱাত বানাক্ৰান্ত লোকসকল নিজ নিজ ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় ল’ব লগা হৈছে।

FB_IMG_1533070242223

উল্লেখ্য যে শিৱসাগৰ জিলাত সৃষ্টি হোৱা অভাৱনীয় বান পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ চৰকাৰী বিভাগ সমুহক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে জিলা উপায়ুক্তই। শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ কুমাৰ ঝাই নিজে বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত লোকৰ লগত মত বিনিময় কৰি প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে ।

প্ৰশাসনে এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীৰ জৰিয়তে বিভিন্ন স্থানৰ বানাক্ৰান্ত ৰাইজক উদ্ধাৰ অভিযানত নিয়োগ কৰিছে।

আনহাতে শিৱসাগৰ জিলা প্ৰশাসনে মঙলবাৰে বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ বাবে ১০৭৭ আৰু ০৩৭৭২- ২২৩৩৯৭ দুটা হেল্প নম্বৰ মুকলি কৰিছে ।

এক সুত্ৰৰ পৰা জানিব পৰা মতে নাগালেণ্ডত থকা নিপকুৰ জলবিদ্যুত প্ৰকল্পই পুনৰ পানী এৰি দিছে। যাৰ ফলত আগন্তুক চৌবিশ ঘন্টাত দিখৌ নদীৰ পানী বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।