NORTHEAST NOW (Assamese)

শিৱসাগৰ জিলা পৰিষদৰ ৬৫ লাখ টকীয়া কেলেংকাৰি : আৰক্ষীয়ে বিচাৰি ফুৰিছে হালালুদ্দিন আহমেদক

January 24, 2018 7:15 am · এন ই নাও নিউজ

শিৱসাগৰৰ জিলা পৰিষদৰ চাঞ্চল্যকৰ কেলেংকাৰিত জড়তি থকাৰ অভিযোগত গাণনিক সুব্ৰত চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ হোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে জানিবলৈ দিয়া মতে কেলেংকাৰিটোত চৌধুৰীৰ উপৰি পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া শেৱালি বৰদলৈৰ নামো চৰ্চালৈ আহিছে। সূত্ৰটোৱে দাবী কৰা মতে পৰিষদখনৰ ৬৫ লাখ টকাৰ কেলেংকাৰিটোত শিৱসাগৰ এলাহাবাদ বেংকক উক্ত টকাখিনি চফি মেছাৰ্ছৰ নামত মুকলি কৰি দিবলৈ যি নিৰ্দেশ দিয়া হৈছিল, তাত চৌধুৰীৰ লগতে মুখ কাৰ্য্যবাহী বিষয়া শেৱালি বৰদলৈয়েও চহী কৰিছিল। মুখ্য কাৰ্যবাহী বিষয়াৰ সন্মতি তথা চহী অবিহনে ইমান পৰিমাণৰ টকা অনিয়মেৰে কেনেকৈ নিব পাৰে বুলিও প্ৰশ্ন উঠিছে। সূত্ৰটোৱে জনোৱা মতে এলাহাবাদ বেংকৰ শিৱসাগৰ শাখাৰ প্ৰবন্ধকলৈ দিয়া নিৰ্দেশটো বহন কৰা পত্ৰখনৰ নম্বৰ হৈছে : এছ জেড পি/০৩/এ চি চি টি টি/০৪/এফ চি(জেনেৰেল)। আৰ টি জি, এছ-২০১৭-১৮/১৬৭৮।

উল্লেখযোগ্য যে মুখ্য কাৰ্য্যবাহী বিষয়া শেৱালি বৰদলৈয়ে তেওঁ এনেকুৱা নিৰ্দেশ বহন কৰা কোনো পত্ৰতে চহী কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছে।

আনহাতে এই কেলেংকাৰিটোৰ মাষ্টাৰ মাইণ্ড বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে হালালুদ্দিন আহমেদ নামৰ এজন বিভিন্ন অপৰাধ আৰু জালিয়াতিৰ কামত জড়িত ব্যক্তিক। এই হালালুদ্দিন আহমেদে গাণনিক সুব্ৰত চৌধুৰীৰ সৈতে লগ লাগি গোটেই পৰিকল্পনাটো কৰিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। হালালুদ্দিনে পূৰ্বেও এনেকৈ চৰকাৰী আঁচনিৰ ধন কৌশলেৰে আত্মসাৎ কৰাৰ নজিৰ আছে। সৰ্বশিক্ষাৰ ১ কোটি ২০ লাখ টকীয়া এক বৃহৎ কেলেংকাৰিৰ সৈতেও হালালুদ্দিনৰ নাম সাঙোৰ খাইছিল। শিৱসাগৰৰ নামতি অঞ্চলৰ এই কুখ্যাত ব্যক্তিজনক পূৰ্বে চি আই ডিয়ে উক্ত অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ৰে’ড কৰ্নাৰ ন’টিচ জাৰি কৰিছিল বুলিও জানিব পৰা যায়। শিৱসাগৰ আৰক্ষীয়ে এতিয়া শিৱসাগৰ জিলা পৰিষদৰ ৬৫ লাখ টকাৰ কেলেংকাৰিটোত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি অভিযান চলোৱা বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে দাবী কৰা মতে হালালুদ্দিনে নগাৱঁৰ কঠীয়াতলীৰ ৰাজীৱ ভূমিদ নামৰ দালাল এজনৰ যোগেদি উক্ত ধনখিনি বেংকৰ পৰা তুলি নিছিল।

বিশেষ সূত্ৰে গম পোৱা গৈছে যে হালালুদ্দিন আহমেদে তেওঁৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা দেখি আগতীয়াকৈ জামিন লোৱাৰ চেষ্টা কৰিছে। আনহাতে দালাল ৰাজীৱ ভূমিজে ইতিমধ্যে আগতীয়া জামিন লৈছে বুলিও খবৰ পোৱা গৈছে।

Related News