NORTHEAST NOW (Assamese)

শীঘ্ৰেই মুক্তি পাবলগীয়া বলীউদৰ ছবি ‘কুচ ভিগি আলফাজ’ত নায়িকাৰ ৰূপত দেখা যাব ছিকিমৰ অভিনেত্ৰী গীতাঞ্জলি থাপাক

January 28, 2018 11:09 am · এন ই নাও নিউজ

ছিকিমৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেত্ৰী গীতাঞ্জলি থাপাই বলীউদৰ আহিবলগীয়া ছবি ‘কুচ ভিগি আলফাজ’ত অভিনয় কৰিবলৈ সাজু হৈছে।

‘লায়াৰ’ছ ডাইচ’ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল।

নতুন ছবিখন নিৰ্মাণ কৰিব প্ৰযোজক তথা পৰিচালক অ’নিৰে। ‘কুচ ভিগি আলফাজ’ ছচিয়েল মিডিয়াৰ যুগৰ এক প্ৰেম কাহিনী।

ছবিখনত মূল নায়িকা গৰাকী ভিটিলিগো ৰোগত আক্ৰান্ত হোৱা চৰিত্ৰ। ভিটিলিগো হৈছে ছালৰ এটা দীৰ্ঘদিনীয়া অৱস্থা য’ত ছালৰ বৰণ হেৰাই যায়।

দেশৰ এক বৃহৎ সংখ্যক লোকে এই ছালৰ ৰোগবিধত ভূগি আছে।

‘কুচ ভিগি আলফাজ’ ছবিখন অহা ১৬ ফেব্ৰুৱাৰীত মুক্তি দিবলৈ সাজু কৰি তোলা হৈছে।

ছবিখনত অভিনয় কৰা গীতাঞ্জলি থাপাৰ অভিনয় চাবলৈ চলচ্চিত্ৰপ্ৰেমীসকলে আগ্ৰহেৰে বাট চাই আছে।

Related News