NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰত শিশু সুৰক্ষা গোটৰ অভিযানত শিশু শ্ৰমিকক উদ্ধাৰ

Posted by: ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী June 23, 2018 7:52 pm

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত  আজি এটি সম্ভ্ৰান্ত পৰিয়ালৰ পৰা শিশু সুৰক্ষা গোট আৰু চাৰিদুৱাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই এটি শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

 প্ৰাপ্ত তথ্য মতে পাৱাৰ গ্ৰীড কৰ্পৰেচন অৱ ইণ্ডিয়া চাৰিদুৱাৰ স্থিত কাৰ্য্যালয়ৰ চিফ মেনেজাৰ হিতেন্দ্ৰ ফুকনৰ ঘৰত  বনকৰা হিচাপে  এটি কম বয়সীয়া শিশুক নিয়োজিত কৰি ৰখাৰ তথ্য গোপন সূত্রে লাভ কৰি  চলোৱা অতৰ্কিত অভিযানত  শিশুটি উদ্ধাৰ  কৰা হয়।

 উল্লেখযোগ্য যে আজি জিলা শিশু সুৰক্ষা গোটৰ হৰ্ষজ্যেতি ফুকন, জিলা সহকাৰী শ্ৰম আয়ুক্ত জগন্নাথ পখৰেলৰ নেতৃত্বত আৰু চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত পৰিচালকগৰাকীৰ ঘৰত শিশুটি কৰ্মৰত অৱস্থাত উদ্ধাৰ কৰা হয়।

 আনহাতে ঘটনা সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদিকৰ কেমেৰা টানি দুৰ্ৱ্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে হিতেন্দ্ৰ ফুকনৰ বিৰুদ্ধে।

 ইফালে শিশুটিক ফুকনে এনেদৰে কেইবামাহো ঘৰুৱা কামত খটুৱাই অহা বুলি  চাইল্ডলাইনে জনাইছে। ইতিমধ্যে উদ্ধাৰকৃত শিশুটি শিশু গৃহলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।