NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি কেলেংকাৰিত জড়িত শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ April 9, 2018 4:14 pm
DTO-570x320

সোমবাৰে  শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষক এপিএছচি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।।

উল্লেখযোগ্য যে এ পি এছ চিৰ চেয়াৰমেন ৰাকেশ পালৰ পৰা টকাৰে এচিএছ আৰু এপিএছ বিষয়াৰ চাকৰি ক্ৰয় কৰা ভালেকেইজন ভব্য-গব্য বিষয়া আৰক্ষীৰ জালত পৰি বিগত বছৰত অসমৰ সংবাদ শিৰোনাম দখল কৰি আছিল। চলিত বছৰতো কেইবাগৰাকীও এপিএছ আৰু এচিএছ বিষয়া আৰক্ষীৰ জালত পৰিছিল।

আজি ডিব্ৰুগড় আৰক্ষীয়ে শোণিতপুৰৰ জিলা পৰিবহণ বিষয়াজনক জনক টকাৰে এ পি এছ চিৰ চাকৰি কিনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।  শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া প্ৰসেনজিৎ ঘোষ  পূৰ্বে মাৰ্চ মাহৰ ৭ তাৰিখে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চি আই ডি) কয়লা কেলেংকাৰিত  জড়িত আছিল নেকি তাৰ অনুসন্ধান কৰিছিল।

উল্লেখ্য যে পূৰ্বতে ঘোষক কামৰূপৰ (মহানগৰ) জিলা পৰিবহণ বিষয়া (এনফৰ্চমেণ্ট) হিচাপে নিযুক্তি দিয়া হৈছিল। যোৱা ১১ মাৰ্চত তেওঁৰ নামটো এ পি এছ চি কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পিছত তেওঁক শোণিতপুৰৰ জিলা পৰিবহণ বিষয়া হিচাপে বদলি কৰা হৈছিল।

ফেব্ৰুৱাৰি মাহৰ ১ তাৰিখে বশিষ্ঠত দুখন অতিৰিক্তকৈ কয়লা কঢ়িওৱা ট্ৰাক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই ট্ৰাকদুখন পৰিবহণ বিভাগৰ খানাপাৰাস্থিত চেকপ’ষ্টত ধৰা নপৰাকৈ পাৰ হৈ আছিছিল। এইদৰে ট্ৰাকসমূহে অতিৰিক্তকৈ কয়লা কঢ়িয়াই ৰাজ্যৰ ৰাজকোষক এক বিৰাট পৰিমাণৰ ৰাজহ ফাকি দি আহিছিল।

ফেব্ৰুৱাৰিৰ এক তাৰিখে অতিৰিক্ত কয়লা কঢ়িওৱা ট্ৰাকদুখনৰ সন্দৰ্ভত অৰক্ষীয়ে ঘোষক জেৰা কৰিছিল।

দিচপুৰৰ বিধায়ক অতুল বৰাই কয়লা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত তেওঁক নিলম্বন কৰা দাবী তুলিছিল।