NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰা জিলাৰ শোলমাৰীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত

Posted by: এন ই নাও নিউজ February 4, 2018 11:12 pm
Road Accident illustration

শিলিগুৰিৰ পৰা নগৰবেৰালৈ আলু ভৰ্তি টাটা ডি আই গাড়ী এখন আহি থকা অৱস্থাত দেওবাৰে গোৱালপাৰা জিলাৰ শোলমাৰীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

উক্ত পথদূৰ্ঘটনাত এজন লোক নিহত হোৱা লগতে গাড়ীৰ চালক জন গুৰুতৰভাবে আহত হয়।

নিহত লোকজনক হাফিজ আলী (৩৮) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে বকো সমষ্টিৰ অন্তৰ্গত টুপামাৰীৰ হাফিজ আলী ৩৮ নামৰ ব্যৱসায়ী জনে এ এছ ২৫ ছি ছি – ৭২৩৬ নম্বৰৰ টাটা ডি আই গাড়ীৰে আলু ভৰ্তি কৰি শিলিগুৰিৰ পৰা নগৰবেৰালৈ তীব্ৰ বেগত আহি থকা অৱস্থাত পথৰ দাঁতিত থকা গছত খুন্দা মৰাত ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা গাড়ীখনৰ চালক পৰাণ আলী বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।