NORTHEAST NOW (Assamese)

শ্বিলঙত ৩ এপ্ৰিলৰ সন্ধিয়ালৈকে বন্ধ থাকিব ৰাজহুৱা পানী যোগান

April 3, 2018 4:20 pm · এন ই নাও নিউজ

মঙলবাৰে সন্ধিয়ালৈকে পানী যোগান বন্ধ থাকিব শ্বিলঙৰ কিছু কিছু এলেকাত। পানী যোগান কেন্দ্ৰত হোৱা বিজুতিৰ বাবে এনে হ’ব বুলি ২ এপ্ৰিল সোমবাৰে কৰ্তৃপক্ষই জনাইছে।

বৃহত্তৰ শ্বিলং চক্ৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তাই জাৰি কৰা এক বিবৃতি অনুসৰি ১ এপ্ৰিলৰ পুৱা লেদ মৰেঙৰ ওচৰৰ লামচৰিউত থকা বৃহত্তৰ শ্বিলং পানী যোগান আঁচনিত হোৱা যান্ত্ৰিক বিসংগতিৰ কাৰণে ৩ এপ্ৰিলৰ সন্ধিয়ালৈকে পানী যোগান ব্যাহত হ’ব।

এই সময়চোৱাত পানী যোগান ব্যাহত হ’ব লগা এলেকাসমূহ হ’ল শ্বিলং নগৰপালিকা এলেকা, শ্বিলং কেণ্টণ্টমেন্ত ব’ৰ্ড এলেকা, নংথিমাই আৰু মৱলাই। কৰ্তৃপক্ষই লগতে জনাই ‘৩ এপ্ৰিলৰ সন্ধিয়াৰ ভিতৰত পানী যোগান স্বাভাৱিক কৰি তোলাৰ বাবে বিসংগতি দূৰীকৰণৰ সকলো ব্যৱস্থা লোৱা হৈছে।’

Related News