NORTHEAST NOW (Assamese)

শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মূৰ্তি পুনৰ নিৰ্মাণৰ দাবী : প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী, হাগ্ৰামালৈ স্মাৰকপত্ৰ প্ৰেৰণ

March 19, 2018 10:16 pm · এন ই নাও নিউজ

কোকৰাঝাৰত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ কৰি এতিয়াও চাঞ্চল্য অব্যাহত আছে৷ আৰক্ষীয়ে  মূল অভিযুক্তক আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ঠায়ে ঠায়ে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে৷

আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু পাৰ্ক পৰিচালনা সমিতিৰ সভাপতি সন্তোষ তৰফদাৰে কোকৰাঝাৰত এখন সাংবাদ মেলৰ আয়োজন কৰি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভঙা মূৰ্তিটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে৷

তদুপৰি প্ৰতিমূৰ্তিটো পুনৰ নিৰ্মানৰ পিছত দুষ্কৃতিকাৰীয়ে যাতে পুনৰাই মূৰ্তিটো বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰো দাবী জনাই তৰফদাৰে৷

আনহাতে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত থকা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যকো ধিক্কাৰ দিয়ে সন্তোষ তৰফদাৰে৷ উল্লেখ্য যে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ চহিদ বেদী স্মাৰক সমিতিয়ে কেইবাটাও দাবী উত্থাপন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে৷

ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত কোকৰাঝাৰ আৰক্ষীয়ে ২২ জন লোকক আটক কৰি সোধপোছ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত পৰ্যাপ্ত প্ৰমাণ নোপোৱাৰ ফলত আটাইকেইজন লোককে মোকলাই দিছিল।

উল্লেখযোগ্য যে ১৩ মাৰ্চৰ নিশা কোকৰাঝাৰ চহৰত কোনো অচিনাক্ত দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নেতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল।

Related News