NORTHEAST NOW (Assamese)
অসম

শ্ৰমজীৱী ৰাইজৰ সমস্যা সমাধানৰ দাবীত নিখিল ভাৰত ট্ৰেইড য়ুনিয়ন কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া March 26, 2018 6:30 pm
AITUC

বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়ছোৱাত আজি দিচপুৰ লাষ্টগেইটত নিখিল ভাৰত ট্ৰেইড য়ুনিয়ন কংগ্ৰেছ, অসম ৰাজ্যিক কমিটি আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক পৰিষদে শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহৰ সমাধান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকৰ দাবীসমূহ সন্দৰ্ভত ট্ৰেইড য়ুনিয়ন কংগ্ৰেছৰ সভাপতি মুনীন মহন্তই নৰ্থ-ইষ্ট নাওক জনাই কয়, ‘নিখিল ভাৰত ট্ৰেইড য়ুনিয়ন কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে তেওঁলোকৰ বকেয়া ধন আদায় দিয়া, পেন্সনৰ পৰিমাণ বৃদ্ধি কৰা ইত্যাদি দাবীসমূহ লৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো।’

ইয়াৰোপৰি সভাপতিজনে কেন্দ্ৰীয় চৰকাৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থতাৰ অভিযোগ তুলি মন্তব্য কৰে যে তেওঁলোক এই সামগ্ৰীসমূহৰ মুল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।

আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ নিম্নতম মজুৰি ব’ৰ্ডে ধাৰ্য্য কৰা নূন্যতম মজুৰি আদায়ৰ  ক্ষেত্ৰত তেওঁলোকৰ দুৰ্বলতা থকা বুলিও মহন্তই কয়।

লগতে তেওঁ কয় ‘নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণ ব’ৰ্ডত যি ধন জমা আছে সেই ধনসমূহ অসম চৰকাৰে ডাইভাৰ্ট কৰি নিয়াৰ চেষ্টা কৰি এই শ্ৰমিকসকলক বঞ্চিত কৰিব বিচাৰিছে। লগতে এই ধনসমূহ শ্ৰমিকসকলৰ পৰিয়াল পোহপাল দিয়াৰ উপৰি ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবদ খৰচ কৰিবৰ বাবে অসম চৰকাৰক আহ্বান জনাইছো।’

ইয়াৰোপৰি সংগঠন দুটাই প্ৰতিবাদৰ অন্তত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, মাষ্টাৰৰোলৰ শ্ৰমিকসকলৰ দৰমহা নিয়মীয়াকৰণ কৰা, এনৰেগা শ্ৰমিকৰ বকেয়া ধন আদায় দিয়া, গৃহ ঋণ অতি সোনকালে প্ৰদান কৰা, শ্ৰমিকৰ মৃত্যুৰ পিছতো তেওঁৰ সন্তানৰ শিক্ষাৰ সাহায্য প্ৰদান কৰা ইত্যাদি দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্য মন্ত্ৰীক প্ৰদান কৰে।

তাৎপৰ্যপূৰ্ণ ভাবে সেই প্ৰতিবাদত কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ উপস্থিত হৈ শ্ৰমিক পৰিষদৰ সমস্যাসমূহ বিধানসভাত উত্থাপন কৰাৰ আশ্বাস প্ৰদান কৰে