NORTHEAST NOW (Assamese)

সংগীত সন্ধিয়াৰ মাজেৰে মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব কংগ্ৰেছে

January 27, 2018 7:24 pm · এন ই নাও নিউজ

৩০ জানুৱাৰিত এক সংগীত সন্ধিয়াৰ মাজেৰে কংগ্ৰেছে মেঘালয়ত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব।

‘মেঘালয়: শান্তি আৰু জীৱনৰ পথ উদযাপন’ শীৰ্ষক দুঘণ্টীয়া সংগীতানুষ্ঠানেৰে আৰম্ভ হ’ব লগীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰিবলৈ দলৰ সভাপতি ৰাহুল গান্ধী ৰাজ্যখনলৈ আহিব বুলি জানিব পৰা গৈছে।

অনুষ্ঠানটোত সংগীত প্ৰদৰ্শনৰ বাবে কংগ্ৰেছ দলে ৰাজ্যখনৰ কেইবাটাও নাম থকা সংগীতৰ বেণ্ডক নিমন্ত্ৰন কৰিছে।

অনুষ্ঠানটোৰ জৰিয়তে মেঘালয়ৰ সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰাৰ লগতে কংগ্ৰেছৰ স্থানীয় যুৱকৰ সৈতে এক ভাল সম্পৰ্ক স্থাপন কৰিব খোজা হৈছে।

উল্লেখ্য যে ফেব্ৰুৱাৰি ২৭ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে তাৰকা আকৰ্ষণ তথা সদৌ ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধীয়ে অহা ৩০ জানুৱাৰিত পশ্চিম জয়ন্তীয়া জিলাৰ মুখ্য কেন্দ্ৰ জোৱাই ভ্ৰমণ কৰিব।

 

 

Related News