NORTHEAST NOW (Assamese)
অসম

সচিত্ৰ কাহিনীৰ কিতাপ লিখি সকলোকে বিস্মিত কৰিছে চাৰি বছৰীয়া অয়নে

Posted by: এন ই নাও নিউজ March 5, 2018 6:12 pm
Ayan_Gogoi

অয়ন গগৈ গোহাঁই নামৰ এটি ফুলকুমলীয়া শিশুৱে লিখি উলিয়ালে এখন সচিত্ৰ কাহিনীৰ কিতাপ। যি বয়সত সাধুকথা শুনিবলৈ সৰু ল’ৰা-ছোৱালী আনৰ মুখলৈ চাই থাকে, সেই বয়সতেই অয়নে লিখি উলিয়ালে ৩০টা চুটি কাহিনী।

শিশুটিৰ এই কাহিনীকেইটা আৰু তেওঁ অঁকা ৩০টা সু্ন্দৰ চিত্ৰ একেলগ কৰি ‘হানিকম’(Honeycomb’), অৰ্থাৎ ‘মৌচাক’ নামৰ এখন কিতাপখন প্ৰকাশ হ’বলৈ গৈ আছে।

কিতাপখন নতুন দিল্লীৰ অথৰপ্ৰেছ প্ৰকাশন গোষ্ঠীটোৱে প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।

জানিব পৰামতে অতি সংবেদনশীল আৰু বুদ্ধিসম্পন্ন এই বিস্ময় শিশুটিয়ে এবছৰ বয়সৰ পৰাই ছবি আঁকিবলৈ আৰম্ভ কৰিছিল আৰু ৩ বছৰ বয়সত সাধুকথাৰ দৰে কাহিনী লিখিবলৈ আৰম্ভ কৰিছিল। চাৰি বছৰ বয়সত অয়নে অসমীয়া আৰু ইংৰাজীত নিজকে প্ৰকাশ কৰিব পৰা হৈছিল।

শব্দ, ৰং, স্বাদ আৰু দৃশ্যৰ প্ৰতি বিশেষ আকৰ্ষণ প্ৰকাশ আৰু সূক্ষ্ম পৰ্যৱেক্ষণ আৰু উচ্চমানৰ প্ৰকাশিকা শক্তি হৈছে ‘হানিকম’ৰ যাত্ৰাৰ আৰম্ভণি।

সূত্ৰটোৱে জনাইছে যে অয়নৰ কিতাপখন সন্দৰ্ভত পুনেৰ প্ৰাক্তন নৌসেনা বিষয়া, আন্তৰ্জাতিক খ্যাতিসম্পন্ন লিখক, কবি দিলীপ মহাপাত্ৰই প্ৰশংসাপূৰ্ণ মন্তব্য আগ বঢ়াইছে। আনহাতে ছমাৰছেটৰ বিখ্যাত ঔপন্যাসিক মাইকেল ফৰেষ্টাৰে কয়, ‘অয়নৰ লেখাবোৰ আৰু তেওঁৰ ছবিবোৰে তেওঁৰ শিশুসুলভ উচ্ছ্বাসক আমাৰ আগত দাঙি ধৰিছে। তেওঁৰ সুৰুচিপূৰ্ণ আৰু মননশীল অন্তৰ্দৃষ্টিয়ে তেওঁ যে ল’ৰালিৰ সৰলতা থাকিও নিজৰ বয়সতকৈ আগ বঢ়া সেইটোও দেখুৱাইছে।’

Ayan_Gogoi_2

‘এইখন এনেকুৱা এখন কিতাপ যিখন প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ে উপভোগ কৰিব পাৰিব।’ কিতাপখন সন্দৰ্ভত এইদৰে কয় উত্তৰ কেৰ’লিনাৰ কালাবাশ্ব নিৱাসী লেখিকা জোৱান লিওটাই।

অয়নৰ কিতাপখনৰ গুণকীৰ্তন কৰাসকলৰ ভিতৰত পুনে মেট্ৰ’ৰ মহা প্ৰবন্ধক তথা লেখক নীলম ছাক্সেনাও আছে।

জানিব পৰা মতে কে জি ৱানৰ ছাত্ৰ অয়নৰ যোগ, কাৰ্টুন, ফটোগ্ৰাফি আৰু ভ্ৰমণত যথেষ্ট ৰাপ আছে। বেডমিন্টন আৰু ফুটবল খেলি ভাল পোৱা আয়নৰ ফুলনি পতাৰো চখ আছে।

উল্লেখযোগ্য যে অয়ন RESTIৰ ভূতপূৰ্ব সঞ্চালক পূৰ্ণকান্ত গগৈ আৰু চৰকাৰী বিষয়া জানকী শইকীয়া গগৈৰ নাতি। তেওঁৰ দেউতাক জিতু গোহাঁই পাৱাৰ গ্ৰীড কৰ্প’ৰেইশ্যন অব ইণ্ডিয়াৰ ডি এম আৰু মাক সংগীতা গগৈ মেৰাকী চেন্টাৰৰ যোগ থেৰাপিষ্ট আৰু সঞ্চালিকা।