NORTHEAST NOW (Assamese)
অসম

সচ্ছিদানন্দ পাঠকৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ May 7, 2018 5:48 pm
sarbananda sonowal assam cm

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা অসম সচিবালয়ৰ সচিবালয় প্ৰশাসন বিভাগৰ যুটীয়া সচিব সচ্ছিদানন্দ পাঠকে আজি শেষ নিশ্বাস ত্যাগ কৰে। পাঠকৰ বিয়োগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভিৰ শোক প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি মতে এক শোক বাৰ্তাত মুখ্য মন্ত্ৰীয়ে সচিবালয় প্ৰশাসন বিভাগৰ যুটীয়া সচিব হিচাপে সচ্ছিদানন্দ পাঠকে অত্যন্ত নিষ্ঠা আৰু সুদক্ষতাৰে যি সেৱা আগবঢ়াই গৈছে সেয়া অসমৰ জনসাধাৰণে শ্ৰধাৰে স্মৰণ কৰিব।

ইয়াৰ উপৰি শোক বাৰ্তাটোত মুখ্য মন্ত্ৰীয়ে লগতে কয় যে মাৰ্জিত ব্যৱহাৰ আৰু সকলো ক্ষেত্ৰতে সহযোগিতামূলক আচৰণৰ বাবে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা সুদক্ষ বিষয়া গৰাকীৰ অকাল বিয়োগ প্ৰশাসনৰ এক বাবে অপূৰণীয় ক্ষতি।

পাঠকৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে মুখ্য মন্ত্ৰীয়ে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।