NORTHEAST NOW (Assamese)
মণিপুৰ

সতীৰ্থ মন্ত্ৰী আৰু অধ্যক্ষক লৈ ইম্ফল নদীৰ খনন পৰিদৰ্শন মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

Posted by: সভাপতি চামম April 29, 2018 10:43 pm
BirenShing

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে আজি মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচান্দ আৰু জলসম্পদ মন্ত্ৰী লেটপাও হাওকিপক লগত লৈ ইম্ফল নদীৰ পাৰবোৰ আৰু চলি থকা খনন কাৰ্য্য পৰিদৰ্শন কৰে। বিশেষ চিংজামেই, থংজু আৰু ৱেইছকুল বিধানসভা সমষ্টিৰ ভিতৰত পৰা অংশ পৰিদৰ্শন কৰে। তেওঁলোকৰ সৈতে ৰাজ্যখনৰ উচ্চ পদস্থ কেইবাজনো বিষয়াও আছিল।

উল্লেখযোগ্য যে খননৰ লগতে বান নিয়ন্ত্ৰণৰ বাবে নদীখনৰ পাৰত আৰু ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ, দোকান আৰু অন্যান্য গাঁথনিবোৰ ভাঙি পেলোৱা হৈছে।

যোৱা বছৰবোৰত অহা ৫টা বান আৰু ব্যাপক গৰাখহনীয়াই বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰখনক এইটো কৰিবলৈ বাধ্য কৰিছিল। বানৰ ফলত যোৱা বছৰো বহুতো খেতি নষ্ট হৈছিল।

আজি দলটোত যোৱা থৌবল জিলাৰ উপায়ুক্ত হাওবাম ৰচিতা দেৱীয়ে কয় যে থৌবল জিলাৰ আটাইকেইটা সমষ্টিত অহা ১ তাৰিখে একে সময়তে ‘গাৱঁলৈ ব’লক’ অভিযান শুভাৰম্ভ কৰা হ’ব। এই অভিযানৰ অধীনত একেলগে জিলাখনৰ ৬১খন গাঁৱক সামৰি লোৱা হ’ব। সেই উদ্দেশ্যে ৬টা স্থানত পুৱা ৮ বছাৰ পৰা বিয়লি ৪ বজালৈ কেম্পাছ মুকলি কৰা হ’ব।