NORTHEAST NOW (Assamese)
অসম

সদৌ অসম সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি আবুল হক চৌধুৰীৰ দেহাৱসান

Posted by: ময়ূখ গোস্বামী March 8, 2018 6:27 pm
Abul Haque Choudhury ex president aaju

সদৌ অসম সাংবাদিক সংস্থা (All Assam Journalists Union)ৰ প্ৰাক্তন সভাপতি আবুল হক চৌধুৰীৰ বৃহস্পতিবাৰে দেহাৱসান ঘটিছে।

বৃক্কৰ ৰোগত ভুগি থকা দৰং জিলাৰ ছিপাঝাৰৰ এই জ্যেষ্ঠ সাংবাদিকজনে আজি পুৱা ছিপাঝাৰ মাৰৈৰ নিজা ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত হকে পত্নী আৰু দুগৰাকী জীয়ৰীক এৰি থৈ গৈছে।

হক ছিপাঝাৰ প্ৰে’ছ ক্লাবৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰি ক্লাব জেচমিনকে ধৰি ধৰি বিভিন্ন স্থানীয় অনুষ্ঠানৰ লগতো জৰিত আছিল।

হিন্দী দৈনিক ‘পূৰ্বাঞ্চল প্ৰহৰী’ৰ আৰম্ভণিৰে পৰা স্থানীয় সাংবাদিক হিচাপে কাম কৰি অহা হকৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৯ বছৰ।

সাংবাদিকগৰাকীৰ অকাল মৃত্যুত আজুৰ সভাপতি পংকজ নাথ, মঙলদৈ মীডিয়া চাৰ্কলৰ সম্পাদক ময়ূখ গোস্বামীকে ধৰি বিভিন্ন সাংবাদিক সংগঠনৰ বিষয়ববীয়াসকলে শোক প্ৰকাশ কৰিছে।