NORTHEAST NOW (Assamese)
অসম

সপ্তম মৃত্যু বাৰ্ষিকীত কৃষ্ণাইত সুধাকণ্ঠলৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি

Posted by: নীলমণি শৰ্মা November 5, 2018 10:25 pm
Krishnai

সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাইতো আজি সপ্তম মৃত্যু বাৰ্ষিকীত উপলক্ষে সুধাকন্ঠ ড° ভৃপেন হাজৰিকাক আনুষ্ঠানিক ভাবে স্মৰণ কৰা হয়।

সচেতন নাগৰিক মঞ্চ, কৃষ্ণাই, চেম্বাৰ্চ অব কমাৰ্চ, কৃষ্ণাই আৰু কৃষ্ণাই আঞ্চলিক ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত আয়োজিত এই স্মৃতিচাৰণ অনুষ্ঠানত সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

অনুষ্ঠানৰ শুভাৰম্ভ কৰে কৃষ্ণাই ব্যৱসায় সন্থাৰ সভাপতি আকাশ কলি কৰ, সচেতন নাগৰিক মঞ্চ সভাপতি দছিমুদ্দি হাজৰিকা আৰু ক্ৰীয়া সন্থাৰ হৈ চিন্ময় নাথে৷

সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক আব্দুল হাই আহমেদে আতঁ ধৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি দিৱসত সুধাকণ্ঠৰ কেইবাটিও কালজয়ী গীট পৰিবেশন কৰে দুই শিশু শিল্পী দৃষ্টিদীপা শিৱম আৰু আৰিফ ফাৰহানে।

অনুষ্ঠানত কৃষ্ণাই অঞ্চলৰ শতাধিক গুণমুগ্ধই সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷