NORTHEAST NOW (Assamese)

সমাজ কল্যাণ বিভাগৰ ঠিকাদাৰ পৱন আগৰৱালাৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা

January 13, 2018 2:48 pm · এন ই নাও নিউজ
Updated: January 13, 2018 3:08 pm

কংগ্ৰেছ চৰকাৰৰ আমোলত সমাজ কল্যাণ বিভাগত হোৱা অবাধ দুৰ্নীতিৰ তদন্ত কৰি থকা অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই ইতিপূৰ্বে বিভাগটোৰ দুজনকৈ প্ৰাক্তন সঞ্চালক, ক্ৰমে দিলীপ বৰঠাকুৰ আৰু কুমুদ কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া বিচাৰি ফুৰিছে বিভাগটোত উঠিৰজা-বহিৰজা হোৱা ঠিকাদাৰ পৱন আগৰৱালাক।

জানিব পৰামতে এই পৱন আগৰৱালাই ৰাজনৈতিক বলেৰে বলীয়ান হৈ বিভাগটোত দীৰ্ঘদিন ধৰি লুণ্ঠন চলাই আহিছিল। সমাজ কল্যাণত বিভিন্ন আঁচনিৰ অধীনত সামগ্ৰী যোগান ধৰাৰ ঠিকাৰ নামত প্ৰৱঞ্চনাৰে নামমাত্ৰ সামগ্ৰী যোগানৰ লগতে নিম্নমানৰ সামগ্ৰী যোগান ধৰি কোটি কোটি টকা সৰকাই আহিছিল। এইবোৰৰ ভাগ পাইছিল বিভাগটোৰ বিষয়াৰ লগতে ৰাজনৈতিক নেতায়ো।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে বিভাগটোৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অলপতে প্ৰাক্তন সঞ্চালক কুমুদ কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছত বহুবোৰ তথ্য লাভ কৰিছে। তদাৰকী শাখাটোৱে ইতিমধ্যে বহুকেইখন আঁচনিৰ নথি-পত্ৰ পুংখানুপুংখকৈ পৰীক্ষা কৰিছে আৰু এইবোৰৰ ভিত্তিতে প্ৰাক্তন সঞ্চালক কুমুদ কলিতাক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া বিভাগটোত ঘটা বৃহৎ কেলেংকাৰিৰ তদন্তত ঠিকাদাৰজনক সাঙুৰি লোৱাটো অতিকৈ প্ৰয়োজন বুলি তদন্তকাৰী শাখাটোৱে জানিবলৈ দিছে।

সম্প্ৰতি পলাতক অৱস্থাত থকা পৱন আগৰৱালাক গ্ৰেপ্তাৰ কৰিব পাৰিলে কোনে কোনে এই ধনৰ ভাগ পাইছিল আৰু কোন কোন ৰাজনৈতিক নেতাৰ হস্তক্ষেপত পৱন আগৰৱালা কাম পাবলৈ সক্ষম হৈছিল এইবোৰ জানিব পৰা যাব।

উল্লেখযোগ্য যে পৱন আগৰৱালাই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আজি ভালেমান দিনৰ পৰা আত্মগোপন কৰি আছে। তদন্তকাৰী শাখাটোৱে আগৰৱালাৰ সন্ধান দিওঁতালৈ পঞ্চাচ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

Related News