NORTHEAST NOW (Assamese)
অসম

সম্প্ৰীতিৰ অনন্য নিদৰ্শন : নলবাৰীৰ মুকালমুৱাত হিন্দু লোকৰ মৃতদেহ সৎকাৰ মুছলমান যুৱকৰ

Posted by: এন ই নাও নিউজ May 21, 2018 9:26 am
MukalMua

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত একাংশ ৰাজনীতিবিদ তথা সমাজৰ কিছু নীচ মানসিকতাৰ ব্যক্তিয়ে সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ পৰিৱেশ অশান্ত কৰি তোলাৰ আপ্ৰাণ চেষ্টা চলাই থকাৰ সময়তে এইখন অসমতে দেখা গৈছে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তর্গত শনি ৰ’ডত এগৰাকী বিহাৰী হিন্দু সম্প্রদায়ৰ লোকৰ মৃত্যু হোৱাত লোকজনৰ মৃতদেহ সৎকাৰ কাৰ্যত সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিল মুছলমান সম্প্ৰদায়ৰ কেইজন মান যুৱক।

প্রাপ্ত তথ্য মতে, মুকালমুৱা শনি ৰ’ড চ’কত বিগত ১৫ বছৰ ধৰি সঞ্জয় ঠাকুৰ নামৰ লোকজনে চুলি কাটি জীৱিকা নির্বাহ কৰি আহিছিল৷ শণিবাৰে সন্ধিয়া প্রায় সাত মান বজাত হঠাৎ অসুস্থ হৈ পৰাত আকষ্মিক মৃত্যুক আকোৱালি ল’বলগীয়া হয়৷ ইয়াৰ পাছতে ঠাকুৰৰ পত্নী আৰু সন্তানে অন্ত্যেষ্টিক্রিয়াৰ বাবে ওচৰ চুবুৰীয়া তথা কোনো আত্মীয় বিচাৰি নাপাই হাহাকাৰ কৰিব লগা অৱস্থা হয়৷

ঘটনাৰ খবৰ পাই নলবাৰী জিলা আমছুৰ সাধাৰণ সম্পাদক মহিদুল ইছলাম আৰু প্রচাৰ সম্পাদক আমজাদ আলীসহ মুছলিম সম্প্রদায়ৰ এটা যুৱকৰ দল দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত সহায়ৰ বাবে উপস্থিত হয়৷ মৃত লোকজনৰ সৎকাৰৰ বাবে তেওঁলোকে সকলো বয়-বস্তু যোগাৰ কৰি স্থানীয় কেইজন মান হিন্দু যুৱকৰ সৈতে মিলি নিশা ১২বজাত ব্রহ্মপুত্র নদীৰ পাৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে৷

উল্লেখ্য যে আমছুৰ সদস্য তথা মুছলমান যুৱককেইজনে কোনো নিকট আত্মীয়হীন বিহাৰী পৰিয়ালটোৰ মুৰব্বীজনৰ মৃতদেহ সৎকাৰত সহায় সহযোগিতা আগবঢ়োৱা কাৰ্যত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে বাৰুকৈয়ে শলাগ লৈছে৷