NORTHEAST NOW (Assamese)

সাংবাদিক জেৱাৰি বসুমতাৰীৰ ‘আত্মহত্যা’ : গভীৰ শোক প্ৰকাশ, তদন্ত দাবী জাৰ্নেলিষ্ট ফ’ৰাম অৱ আছামৰ

May 5, 2018 11:12 pm · এন ই নাও নিউজ

যোৱা ৩ মে’ত ‘আত্মহত্যা’ কৰা বডো দৈনিক বাতৰি কাকত ‘বডোছা’ৰ কাৰ্য্যবাহী সম্পাদিকা জেৱাৰি বসুমতাৰীৰ মৃত্যুত জাৰ্নেলিষ্ট ফৰাম অৱ আছামে গভীৰ শোক প্ৰকাশ কৰিছে আৰু গুৰুত্বসহকাৰে ঘটনাটোৰ তদন্ত কৰাৰ বাবে অসম আৰক্ষীক দাবী জনাইছে।

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰবক্তা তথা সাংবাদিক বসুমতাৰীৰ নিজা বাসগৃহ তথা বডোছা পাব্লিকেশ্যনত ‘ছিপ লৈ’ থকা অৱস্থাত ৩২ বছৰীয়া বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত মালিক সন্থাৰ প্ৰাক্তন সভাপতি তথা বডোছাৰ মুখ্য সম্পাদক প্ৰয়াত চিনো বসুমতাৰীৰ কন্যা জিওৱাৰি বসুমতাৰীয়ে মৃত্যুৰ সময়ত  মাতৃ, বায়েক আৰু ভাতৃৰ লগতে গিৰীয়েকক এই সংসাৰত এৰি থৈ গৈছে।

Related News