NORTHEAST NOW (Assamese)

সাংবাদিক সুদীপ দত্ত ভৌমিকক হত্যা সন্দৰ্ভত আৰু দুজনক গ্ৰেপ্তাৰ

November 25, 2017 7:25 am · এন ই নাও নিউজ ব্যুৰো, আগৰতলা :

যোৱা ২১ নৱেম্বৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক হত্যা কৰা সন্দৰ্ভত আৰু দুজনক গ্ৰেপ্তাৰ কৰে আজি ত্ৰিপুৰা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুজনৰ নাম হ’ল ৰাইফলমেন ধৰ্মেন্দ্ৰ সিং আৰু অমিত দেৱবাৰ্মা। আৰক্ষীৰ সূত্ৰই জনোৱা মতে আজি দুয়োজনকে আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখযোগ্য যে হত্যাকাণ্ডটো সন্দৰ্ভত পূৰ্বতে টি এছ আৰৰ দ্বিতীয় বেটেলিয়নৰ কামাণ্ডেণ্ট তপন দেৱবৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল।

Related News