NORTHEAST NOW (Assamese)
অসম

সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হ’ল ঐতিহাসিক আঠখেলীয়া অঞ্চল

Posted by: এন ই নাও নিউজ January 29, 2018 10:05 am
শোভাযাত্ৰা

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে দেওবাৰে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্ৰাই গোলাঘাট জিলাৰ ঐতিহাসিক আঠখেলীয়া অঞ্চল আৰু যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ আকাশ-বতাহ জাতীয় ঐক্য ধ্বনিৰে মুখৰ কৰি তোলে।

গায়ক-বায়ন, জাকৈয়া গাভৰুৰ দল, বিহু দল, মিচিং বিহু, ঝুমুৰ আদিকে ধৰি কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলেৰে সমৃদ্ধ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা দেওবাৰে আৰম্ভ হয় আঠখেলীয়াৰ ‘বীৰাংগনা সতী সাধনী ক্ষেত্ৰ’ৰ পৰা।  পুৱা প্ৰায় এঘাৰ বজাত শোভাযাত্ৰাকাৰীসকলে গোলাঘাট জিলাৰ সীমা অতিক্ৰমি যোৰহাট জিলাৰ এক নং বছা, নাঙলগাঁও ফুকনচকু, বৰহোলা আৰু গোলাঘাট জিলাৰ বৰকছাৰী, সৰুকছাৰী, চকীয়াল, দুলীয়াগাঁও হৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বিয়লি প্ৰায় চাৰি বজাত পুনৰ আঠখেলীয়াৰ বীৰংগনা সতী সাধনী ক্ষেত্ৰলৈ উভতি আহে।

শোভাযাত্ৰাটো উদ্বোধন কৰি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই সদৌ চুতীয়া ছাত্ৰ সন্থাৰ এই অধিৱেশনখনৰ সকলো কাৰ্যসূচী সফলভাৱে সম্পন্ন হোৱাৰ কামনা কৰাৰ লগতে চুতীয়াসকলক ‘অসমৰ মাটিৰ সন্তান’ বুলি অভিহিত কৰে।  দেওবাৰে দ্বিতীয়  দিনাৰ পুৱা ৮.৩০ বজাতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াই।  পুৱা ৯ বজাত সংগঠনটোৰ সাধাৰণ সম্পাদক বিপুল চুতীয়াই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পিছতে জাতীয়  ছহিদ লীলাকান্ত দেউৰীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে  আঠখেলীয়াৰ নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি খগেন হাজৰিকাই।  পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা দেওকুবেৰ শলিতালগোৱা সকাম পৰিচালনা কৰে বৰদেউৰী প্ৰতাপ নেওগ, মাজুদেউৰী  যতীম শইকীয়া আৰু সৰুদেউৰী ৰবীন হাজৰিকা, দিব্য নেওগ আৰু জিতু বৰাই।  দিনৰ প্ৰায় ১২ বজাৰ পৰা সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা, জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, ন-পুৰণি সতীৰ্থ সন্মিলন, গ্ৰন্থ উন্মোচন আদি অনুষ্ঠিত হয় আৰু বিয়লিৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হয়।  সন্ধিয়া ‘কবিতাৰ এসন্ধ্যা’ৰ পিছতে স্থানীয় শিল্পীসকলে  সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।

আজি তৃতীয় দিনা চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি  প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীসকলৰ  মাজত অনুষ্ঠিত হোৱাৰ লগতে আলোচনাচক্ৰ, মুখপত্ৰ উন্মোচন, বিশেষ বটাঁ প্ৰদান অনুষ্ঠান, গ্ৰন্থ উন্মোচন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব। নিশা বিপিন চাওদাং আৰু উৎপল চুতীয়াৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব।