NORTHEAST NOW (Assamese)
অসম

সামন্ত্ৰণা ২০১৮ : গৱেষণাই অৰ্থনৈতিক উন্নয়নত বৰঙণি যোগায় : বিশেষজ্ঞ

Posted by: এন ই নাও নিউজ January 18, 2018 10:22 pm
সামন্ত্ৰণা ২০১৮

সামন্ত্ৰণা ২০১৮ অংশগ্ৰহণ কৰি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ধীৰাজ বৰাই কয় যে গৱেষণাই নতুন কথাত শিকা, উদ্ভাৱন কৰা আৰু দেশৰ অৰ্থনৈতিক উন্নয়নলৈ বৰঙণি আগবঢ়োৱাত সহায় কৰে।

‘কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ ভূমিকা আৰু গুৰুত্ব’ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনাচক্ৰ সামন্ত্ৰণাৰ দ্বিতীয় সংস্কৰণ সম্বোধন কৰি মুখ্য অতিথি হিচাপে আজি ড০ বৰাই কয় যে, ‘গৱেষণাই নতুন কথাত শিকা, উদ্ভাৱন কৰা আৰু দেশৰ অৰ্থনৈতিক উন্নয়নলৈ বৰঙণি আগবঢ়োৱাত সহায় কৰে। প্ৰযুক্তিৰ আমদানি কৰা, একেলগ কৰা আৰু পৰিৱেশৰ বিকাশ সাধন কৰাৰ বাবে সকলো প্ৰচেষ্টা একত্ৰিত কৰাৰ দৰকাৰ। গৱেষণা কৰিবৰ বাবে হ’ব লাগিব সৎ, যত্নৱান আৰু ধৈৰ্যশীল।’

বিভিন্ন ধৰণৰ গৱেষণা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ উপকাৰিতা সন্দৰ্ভত ড০ বৰাই বিস্তাৰিত বক্তব্য ৰাখে। তেওঁৰ মতে আজিৰ প্ৰতিযোগিতাৰ যুগত তিষ্ঠি থাকিবৰ বাবে জ্ঞান এক উচ্চস্তৰৰ হোৱাৰ প্ৰয়োজন।

মণিপুৰ আই আই আই টিৰ অন্তৰ্বৰ্তী সঞ্চালক ড০ অমৰেন্দ্ৰ কুমাৰ দাসে আগবঢ়োৱা মূল ভাষণত মানৱতাৰ উত্তৰোত্তৰ উন্নতিৰ ক্ষেত্ৰত গৱেষণাৰ ভূমিকাৰ বিষয়ে বহলভাৱে বক্তব্য ৰাখে। তেওঁ কয় যে গৱেষণা হৈছে জ্ঞানৰ সৃষ্টি আৰু প্ৰসাৰ।

অনুষ্ঠানটোত ভাগ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কুলেন্দু পাঠকে কয় যে মানৱতাৰ উত্তৰোত্তৰ উন্নতিৰ ক্ষেত্ৰত গৱেষণাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে প্ৰচলিত ব্যৱস্থাটোৰ ত্ৰুটিসমূহ আৱিস্কাৰ কৰাটোৱে গৱেষণা।

শিক্ষাৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰিং খণ্ডই কঢ়িয়াই অনা ভাবুকি সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলক অৱগত কৰি ড০ পাঠকে জ্ঞানৰ সুবিধা ল’বলৈ আৰু নিত্যনতুন সামগ্ৰী বিশেষকৈ তথ্যপ্ৰযুক্তি সামগ্ৰীসমূহৰ বিকাশ কৰিবলৈ আৰু দেশৰ অৰ্থনীতিৰ বিকাশ সাধিবলৈ পৰামৰ্শ আগবঢ়ায়।

‘ছাত্ৰ-ছাত্ৰীৰ শিকাৰ ক্ষমতাৰ ওপৰত বৈদ্যুতিন সামগ্ৰীসমূহৰ প্ৰভাৱ’ শীৰ্ষক স্বৰ্গীয় বীনা চৌধুৰী সোঁৱৰণী বক্তৃতা আগবঢ়াই প্ৰখ্যাত মনোৰোগ বিশেষজ্ঞ ড়০ জয়ন্ত দাসে বৈদ্যুতিন সামগ্ৰীসমূহৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে অৱগত কৰে।

সামন্ত্ৰণা ২০১৮ ৰ উদ্বোধনী ভাষণ দিয়ে শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ সভাপতি ৰাতুল দাসে।

সামন্ত্ৰণা ২০১৮ ৰ আহ্বায়ক তথা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টে’কনলজীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড০ কৃষ্ণাংগ গোহাঁয়ে দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক উন্নীত কৰাৰ ক্ষেত্ৰত গৱেষণাৰ গুৰুত্বৰ বিষয়ে বক্তব্য ৰাখে।

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টে’কনলজীৰ অধ্যক্ষ অধ্যাপক সুশান্ত কুমাৰ দত্তই আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানৰ অধ্যক্ষৰ বক্তব্যত কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।

গুৱাহাটীৰ আজাৰাৰ হাতখোৱাপাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টে’কনলজীৰ চৌহদত আজিৰ পৰা ‘কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ ভূমিকা আৰু গুৰুত্ব’ শীৰ্ষক দুদিনীয়া আলোচনাচক্ৰ সামন্ত্ৰণাৰ দ্বিতীয় সংস্কৰণ যুটীয়াভাৱে আয়োজন কৰিছে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টে’কনলজী আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ উচ্চ দক্ষতাসম্পন্ন মানৱ সম্পদ বিকাশৰ বাবে গৱেষণাৰ প্ৰসাৰ আৰু বিদ্যায়তনিক ক্ষেত্ৰত উদ্ভাৱনৰ  এক পথ তৈয়াৰ কৰা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ গুৰুত্ব উপলব্ধি কৰাটোৱে আলোচনাচক্ৰখনৰ মূল লক্ষ্য।