NORTHEAST NOW (Assamese)
অসম

সাম্প্ৰদায়িক মন্তব্য কৰা দেৱতানু ভট্টাচাৰ্য্যৰ বিৰুদ্ধে গোচৰ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: December 4, 2017 10:13 am

এন আৰ চি কাম সম্পূৰ্ণ হোৱাৰ প্ৰাকমূহুৰ্তত বিভিন্ন দল সংগঠন  তথা নেতাই সাম্প্ৰদায়িক মন্তব্যৰে  অসমক অশান্ত জৰ্জৰ কৰি তুলিবলৈ উঠি পৰি লাগিছে। বিজেপি নেতা শিলাদিত্য দেৱৰ পিচতে এক অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যই শিলচৰ চহৰত অনুষ্ঠিত এখন সভাত “হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে হাতত বন্দুক তুলি ল’ব লাগে” বুলি এক উগ্ৰ সাম্প্ৰদায়িক মন্তৱ্য দিয়ে।এই মন্তব্যৰ পিছতে কালি গুৱাহাটীৰ হাতীগাওঁ আৰক্ষী থানাত দেৱতানু ভট্টাচাৰ্য্যৰ বিৰুদ্ধে সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে এক গোচৰ ৰুজু কৰে।  এন আৰ চি খচৰা প্ৰকাশৰ পিচত ৰাজ্যত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চিনাক্ত কৰা বিভিন্ন স্পৰ্শকাতৰ অঞ্চল সমূহত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৫০ টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী প্ৰেৰণ কৰিছে। লক্ষ্যণীয় যে এন আৰ চি খচৰা প্ৰকাশক লৈ বিভিন্ন  ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠন সমূহে অসমৰ  ৰাইজক  শান্তি সম্প্ৰীতি বিঘ্নিত নকৰিবলৈ আহ্বান জনাই আহিছে।