NORTHEAST NOW (Assamese)

সাহসিকতাৰ পৰিচয় দাঙি ধৰা বেটশ্ব’ জন পিনলাঙক প্ৰদান কৰিব ‘বাপ্পু গাইধানী এৱাৰ্ড’

January 21, 2018 1:43 pm · এন ই নাও নিউজ
Updated: January 21, 2018 1:44 pm

২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে মেঘালয়ৰ চৈধ্য বছৰীয়া এজন শিশু। মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ অতি দুৰ্গম অঞ্চল কাইটকোহৰাম নামৰ গাঁও এখনৰ বেটশ্ব জন পিনলাঙক ২৪ জানুৱাৰিৰ দিনা নতুন দিল্লীত সাহসিকতাৰ বঁটাৰে পুৰস্কৃত কৰা হ’ব।

উল্লেখযোগ্য যে পিনলাঙৰ লগতে দেশৰ মুঠ ১৮ গৰাকী শিশুয়ে গণৰাজ্য দিৱসৰ আগদিনা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিব।

যোৱা বছৰ এক অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহৰ পৰা সাহসিকতাৰে নিজৰ ভাতৃক অগ্নিদগ্ধ হোৱাৰ পৰা বচোৱাৰ বাবেই মেঘালয়ৰ শিশু জনক ২০১৭ বৰ্ষৰ ‘বাপ্পু গাইধানী এৱাৰ্ড’ৰে পুৰস্কৃত কৰা হ’ব।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সাহসিকতাৰ পুৰস্কাৰ গ্ৰহণ কৰি ১৮ গৰাকী শিশুৱে পিছদিনাখন নতুন দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰি ভাৰতীয় শিশু কল্যান পৰিষদে দিল্লীৰ সচিবালয়ত আয়োজন কৰিবলগীয়া এক অনুষ্ঠানত উক্ত ১৮ গৰাকী শিশুক নতুন দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্য মন্ত্ৰী মণিষ শিশোডিয়াই সম্বৰ্ধনা জনাব।

Related News