NORTHEAST NOW (Assamese)
অসম

সাৰদা কেলেংকাৰি: প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা

Posted by: এন ই নাও নিউজ June 7, 2018 3:05 pm
Pipersenia

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা সাৰদা কেলেংকাৰীত এইবাৰ সাঙোৰ খাই পৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ নাম।শেহতীয়াভাৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা বিভিন্ন অভিযোগৰ ভিত্তিতে পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে। সাৰদা কেলেংকাৰীৰ হেৰুওৱা ফাইলৰ গোচৰ সন্দৰ্ভত ইতিমধ্যে মুখ্য মন্ত্ৰীৰ গৃহ আৰু ৰাজনৈতিক বিভাগক তদন্তৰ দায়িত্ব হৈছে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মখ্য সচিবৰ দৰে পদত অধিষ্ঠিত হৈ থকা ভি কে পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাক লৈ এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে ধুমুহাৰ।

উল্লেখযোগ্য যে যোৱা ৩০ মে’ত পিপাৰচেনিয়াৰ দুৰ্নীতিৰ বিৰুদ্ধে সংবাদ মেলযোগে সৰৱ হৈ পৰিছিল আৰ টি আই কৰ্মী দুলাল বৰা। আনকি পিপাৰচেনিয়াই ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে সাৰদা কেলেংকাৰীৰ ফাইল লুকুৱাই ৰখাৰ অভিযোগত দুলাল বৰাই  দিছপুৰ থানাত ১১৮৮/১৮ নম্বৰত এটা গোচৰ পৰ্যন্ত ৰুজু কৰিছিল। তদুপৰি বৰাই  দেশ কঁপোৱা সাৰদা কেলেংকাৰিৰ ফাইল লুকুৱাই ৰখাৰ পৰা আৰম্ভ কৰি দিচপুৰ ৱৰ্থ প্ৰাইভেট লিমিটেডক কেইবাকোটি টকীয়া চৰকাৰী মাটি এপাৰ্টমেন্ট নিৰ্মাণৰ বাবে আৱন্টন দিয়া পিপাৰচিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনক ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

দুলাল বৰাৰ অভিযোগৰ কেইদিনমানৰ পাছতে পিপাৰচেনিয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।