NORTHEAST NOW (Assamese)
অসম

সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰিত্ব দিয়াত আনন্দত উৎফুল্লিত জন্ম গাওঁ চতমাবাসী

Posted by: এন ই নাও নিউজ April 30, 2018 9:54 am
Siddhartha Bhattacharya

বহু প্ৰতীক্ষাৰ অন্তত যোৱা ২৬ এপ্ৰিলত ৰাজভৱনত চাৰিজন কেবিনেট আৰু তিনিজন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীয়ে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰা বিধায়কসকলৰ নিজা নিজা সমষ্টি তথা জন্মস্থানত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত ব্যতিক্ৰম নহ’ল পূব গুৱাহাটী সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমৰ্থকসকল। উক্ত সমষ্টিৰ বিধায়ক ভট্টাচাৰ্যই সোণোৱাল মন্ত্ৰীসভাত উচ্চশিক্ষা আৰু কাৰিকৰী, আইন দপ্তৰৰ লগতে গুৱাহাটী উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰীৰ পদ পাবলৈ সক্ষম হয়।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰিত্ব পোৱাৰ লগে লগে জন্মগাঁও নলবাৰী জিলাৰ চতমা গাঁৱতো আনন্দৰ লহৰ উঠিছে।

গাওঁবাসী তথা নিজ পৰিয়ালৰ মাজত ‘ভায়াদা’ বুলি পৰিচিত ভট্টাচাৰ্যৰ মন্ত্ৰিত্ব লাভৰ দ্বাৰা অসমবাসী ৰাইজৰ পৰিৱৰ্তনৰ আশা তথা শিক্ষা খণ্ডৰ আসোৱাহ সমূহ দূৰ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

প্ৰয়াত পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্য আৰু প্ৰয়াত মাতৃ তৰুলতা দেৱীৰ জ্যেষ্ঠ পুত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰিত্বৰ নিজ দপ্তৰৰ বিশেষভাৱে উন্নয়ন সাধন কৰিব বুলিও দৃঢ় বিশ্বাস জন্মস্থান চতমাবাসীৰ।

উল্লেখ্য যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্যও আছিল এজন ৰাজনৈতিক নেতা। গৌৰীশংকৰ ভট্টাচাৰ্যই স্বাধীনতাৰ পাছত অঞ্চলটোৰ বৰভাগ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ইয়াৰ পাছত অবিভক্ত কামৰূপ জিলাৰ বৃহত্তৰ বৰভাগ আৰু পশ্চিম বড়িগোগ মৌজাৰ পৰা কোনো এজনেও বিধানসভা দখল কৰিব পৰা নাছিল।

মনকৰিবলগীয়া যে পিতৃৰ আইনী পেচাৰ বাবে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে গোটেই পৰিয়ালটো গুৱাহাটীত নিগাজিকৈ থাকিবলৈ লয়।