NORTHEAST NOW (Assamese)
অসম

সুগন্ধি পখিলাৰ কবি হীৰুদাৰ আজি ষষ্ঠ মৃত্যুবাৰ্ষিকী : ৰাজ্যজুৰি স্মৰণ অনুৰাগীৰ

Posted by: এন ই নাও নিউজ July 4, 2018 2:17 pm
সুগন্ধি পখিলাৰ কবি হীৰুদাৰ আজি ষষ্ঠ মৃত্যুবাৰ্ষিকী : ৰাজ্যজুৰি স্মৰণ অনুৰাগীৰ

নৱ প্ৰজন্মৰ তাৰুণ্য তগবগ ওঁঠত ওলমি থাকে যাৰ কবিতাৰ ভাবচ্ছ্বাসত গধুৰ পংক্তি, সেই কবি হীৰুদাৰ আজি ষষ্ঠ মৃত্যু বাৰ্ষিকী। আজিৰ দিনটোৱেই আছিল ‘সুগন্ধি পখিলাৰ কবি’ হীৰুদা আঁতৰি যোৱাৰ দিন। কবিতাবোৰ নিথৰ হোৱাৰ দিন।

এই উপলক্ষে কবিগৰাকীৰ অসংখ্য অনুৰাগীয়ে আজি কবিজনক শ্ৰদ্ধাৰে সোঁৱৰা দেখা গৈছে। কবিজনাৰ স্মৰণত ছ’চিয়েল মিডিয়াতো অসংখ্য পোষ্ট দিয়া দেখা গৈছে।

উল্লেখযোগ্য অসমৰ এই বৰেণ্য কবিজনৰ, অৰ্থাৎ হীৰেন ভট্টাচাৰ্যৰ ২০১২ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল।

১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা কবি হীৰুদাৰ কবিতাই দীৰ্ঘদিন ধৰি অসমীয়া কাব্যপ্ৰেমীসকলক মুগ্ধ কৰি আহিছে। তেওঁৰ কাবিক্যতা আৰু কথনশৈলীয়ে কবিতাক অন্য মাত্ৰা প্ৰদান কৰিছিল। কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়।

“তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ, তাৰো ছিগো ছিগো চিলাই…” হয়তো আছিল হীৰুদাৰ আটাইতকৈ চিনাকি ছন্দ। সেইদৰে

“ফুল-আলসুৱা তোমাৰ / মুখৰ শইচ-সোণালী হাঁহি /অযুত তৰাৰ ঘুমটি ভাঙি / যেন সূৰ্য আহিছে নামি!…”

আন এটি জনপ্ৰিয় পংক্তি। হীৰুদা যেন আছিল শব্দৰ থুনপাক, ছন্দৰ যাদুকৰ।

চিৰসেউজ হৈ থকা হীৰুদাৰ এই কবিতাবোৰৰ মাজতে আজি কাব্যপ্ৰেমীসকলে বিচাৰি পায় হীৰুদাক। নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজি মৰিও অমৰ, হীৰুদাৰ মৃত্যু আজি এটা শিল্প। (মৃত্যুওতো এটা শিল্প/জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য -হীৰুদা)।