NORTHEAST NOW (Assamese)
অসম

সোণাৰিৰ নামতোলাত আৰক্ষী-সেনাৰ অভিযানত আটক আলফা(স্বা:)ৰ লিংকমেন

Posted by: অক্ষয় প্ৰণৱ কলিতা July 21, 2018 11:05 am
আলফাৰ লিংকমেন

নামতোলা আৰক্ষী আৰু ডাও ডিভিজনৰ অধীনত থকা সোণাৰিৰ সেনা শিৱিৰৰ সেনাৰ এটা যৌথ অভিযানকাৰী দলে শুকুৰবাৰে এজন আলফা (স্বা:)ৰ লিংকমেনক আটক কৰে। আৰক্ষীৰ সহযোগত অভিযানটো সফল কৰি তোলে সেনাই।

অভিযানত আটক কৰা যুৱকজনক ৰমেন বৰগোঁহাই (৩৪) বুলি চিনাক্ত কৰা হৈছে। চৰাইদেও জিলাৰ নামতোলা আৰক্ষী থানাৰ হাথি কেম্পৰ বাসিন্দা তৰুণ বৰগোঁহাইৰ পুত্ৰ ৰমেন বৰগোঁহাই।

ধৃত ৰমেনৰ পৰা ৭.৬৫ এম এম পিষ্টলৰ ৯ জাঁই সজীৱ গুলীৰ লগতে ১১ গ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰা হয়।

লিংকমেনগৰাকীৰ জেৰাত প্ৰকাশ পাইছে যে তেওঁ বিভিন্ন উগ্ৰপন্থী গোটলৈ ড্ৰাগছ যোগান ধৰাৰ লগতে ধন দাবীৰ ঘটনাৰ লগতো জড়িত আছিল। সুৰক্ষা বাহিনীৰ তৎপৰতাত লিংকমেন আটক হোৱা ঘটনাই অঞ্চলটোত উগ্ৰপন্থী গোটৰ বিচৰণৰ সম্ভাৱনাকো প্ৰকট কৰি তুলিছে।

সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত এনেদৰে আলফা (স্বা:)ৰ লিংকমেন আটক হোৱাৰ পিছত সেনা-আৰক্ষীয়ে অঞ্চলটোত উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ সম্ভৱনা আছে।