NORTHEAST NOW (Assamese)

সোণোৱাল চৰকাৰৰ অভিলেখ; দুৰ্নীতিত দেশৰ ভিতৰতে ৫ম স্থানত অসম

June 25, 2018 10:56 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি গঠিত হোৱা অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন দেশৰ প্ৰেক্ষাপটলৈ আহিছে দুৰ্নীতিত শীৰ্ষ স্থান পোৱাৰ সুবাদত।

বিশ্ব বেংকে প্ৰকাশ কৰা এক প্ৰতিবেদন মতে যি সময়ত ভাৰত ‘ব্যৱসায় কৰিবলৈ সুচল’ শীৰ্ষ ১০০খন দেশৰ ৩০ সংখ্যক স্থানলৈ উন্নীত হৈছে সেই সময়তে অসম দেশৰ ভিতৰত ৫ম সৰ্বাধিক দুৰ্নীতিপৰায়ণ ৰাজ্য হিচাপে পৰিগণিত হৈছে।

‘টাইমছ অব ইণ্ডিয়া’ত সোমবাৰে প্ৰকাশিত এক প্ৰতিবেদন মতে, ভাৰত চৰকাৰে উপৰিউক্ত সাফল্যক লৈ অত্যুৎসাহী হৈ থকাৰ সময়তে বাস্তৱত অন্য এখন ছবিহে দেখা যায়।

National Council of Applied Economic Research (NCAER) নামৰ নতুন দিল্লীস্থিত এক সংস্থাৰ State Investment Potential Index 2017ত উল্লেখ কৰা মতে, ‘ব্যৱসায় কৰাৰ ক্ষেত্ৰত দুৰ্নীতি এতিয়াও বৃহৎ হেঙাৰ বুলি উদ্যোগীসকলে কয়।’

প্ৰতিবেদনখনৰ মতে পশ্চিমবংগত উদ্যোগীসকলে সৰ্বাধিক দুৰ্নীতিৰ মুখামুখি হ’ব লগীয়া হয়। ইয়াৰ পিছতে তামিলনাডু, ৰাজস্থান, পঞ্জাব আৰু অসম ক্ৰমে ২য়, ৩য়, ৪ৰ্থ আৰু ৫ম স্থানত আছে।

অসমত ৩১ শতাংশ ব্যৱসায়ীয়ে ব্যৱসায়ৰ ক্ষেত্ৰত দুৰ্নীতিৰ মুখামুখি হ’ব লগা হয় বুলি প্ৰতিবেদনটোত কোৱা হয়।

উল্লেখযোগ্য যে এই প্ৰতিবেদনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি ‘শূন্য সহনশিলতা’ৰ দাবীৰ আচল স্বৰূপ ওদঙাই পেলাইছে।

Related News