NORTHEAST NOW (Assamese)
অসম

সোপাধৰা! তেজপুৰত ৰাতি শূন্যলৈ গুলী চলাইহে ৰাইজৰ ৰোষৰ পৰা বাচিল আৰক্ষীৰ দল

Posted by: এন ই নাও নিউজ June 12, 2018 10:44 pm
Assam police

সোপাধৰাৰ ভুৱা খবৰে কাৰ্বি আংলঙত ঘটোৱা ভয়ংকৰ ঘটনাৰ পিছতো শাম কটা নাই ৰাইজৰ শংকা। আতংকিত অসমৰ ৰাইজে নিজ এলেকাত দেখা যিকোনো অচিনাকি লোককে সন্দেহ কৰাৰ ফলত তেজপুৰ মিছামাৰীৰ ভেৰভেৰি গাঁৱত ১১ জুনৰ ৰাতি তহলদাৰী আৰক্ষীৰ দল এটাকে গাওঁবাসীয়ে আটক কৰাৰ পিছত গুলী চলাই ৰাইজৰ ৰোষৰ পৰা বাচিব লগা হৈছে আৰক্ষী দল।

মিছামাৰী আৰক্ষীৰ দলটো অহা গাড়ীখনত, ৰাইজৰ অভিযোগমতে, কোনো নম্বৰ প্লে’ট নথকাৰ বাবে চাৰিজনীয়া দলটোলৈ সন্দেহ ওপজে গাওঁবাসীৰ।

গাঁৱৰ এজন লোকে সংবাদ মাধ্যমৰ আগত কয় ‘নম্বৰ প্লে’ট নলগোৱা গাড়ীত আৰক্ষীৰ পোচাকতটো যিকোনো লোক আহিব পাৰে।’

আৰক্ষী দলটোৰ লগত ৰাইজৰ তৰ্কাতকি লাগি পৰিস্থিতি উত্তপ্ত হোৱাত মিছামাৰী থানাৰ আৰক্ষী বিষয়া শ্যাম তেৰঙে শূন্যলৈ গুলী চলাই পলাবলৈ বাধ্য হয়। দৌৰাদৌৰিত আৰক্ষী বিষয়াজনে আনকি নিজৰ আৰক্ষী চোলাটোও এৰি যায়।

ঘটনাথলী ভেৰভেৰি গাঁৱত আজি উপস্থিত শীৰ্ষ বিষয়াসকলে এক সভাযোগে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনায়। শোণিতপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনাত জৰিতসকলক ‘কঠোৰ শাস্তি’ দিয়া হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ বিপৰীতে জিলা উপায়ুক্তই ৰাইজক ‘আতংকিত’ নহ’বলৈ ‘সজাগ’ কৰাৰ চেষ্টা কৰাৰ কথা কয়।

ঘটনাথলীত শোণিতপুৰ আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আজি ১২ জুনত ৰাতি আৰক্ষী বিষয়াজনে চলোৱা গুলী দুটাৰ খোলা আৰু বিষয়াজনৰ পোচাক উদ্ধাৰ কৰে।

মিছামাৰীৰ ঘটনাটোৱে ভুৱা বাতৰিয়ে ৰাজ্যজুৰি ৰাইজৰ মাজত বিয়পোৱা আতংক যে এতিয়াও মাৰ যোৱা নাই সেয়াই প্ৰতীয়মান কৰিলে বুলি বিবেচিত হৈছে।