NORTHEAST NOW (Assamese)

সোমবাৰে চি পি আই(এম)ৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱণা

January 21, 2018 12:07 pm · এন ই নাও নিউজ

ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্যখনৰ শাসনাধিষ্ঠ চিপিআই(এম) দলে প্ৰাৰ্থীৰ তালিকা ঠিৰাং কৰাৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। এক সূত্ৰৰ পৰা জানিব পোৱা অনুসৰি সোমবাৰে বামপন্থী দলটোৱে ৰাজ্যখনৰ ৬০টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

দলটোৰ কেন্দ্ৰীয় সমিতিৰ লগত ৰাজ্যিক সমিতিয়ে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে ইতিমধ্যে কলিকতাত শণিবাৰৰ পৰা আলোচনাত মিলিত হৈছে। দলে জয়ী হোৱাৰ সম্ভাৱণা থকা প্ৰাৰ্থী সকলকহে টিকট দিব বুলি সূত্ৰত প্ৰকাশ পাইছে।

ৰাজ্যখনত শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শক্তিশালীৰূপে থিয় দিয়া ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে এই আলোচনাখনৰ আহ্বান কৰিছে।

দেশৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে বিজেপিয়ে ত্ৰিপুৰাৰ শাসনাধিষ্ঠ বাম মৰ্চাৰ লগত পোনপটিয়া যুঁজত অৱতীৰ্ণ হ’ব।

দলটোৰ এক বিশেষ সূত্ৰই জনোৱা মতে তিনিবাৰৰ বিজয়ী বিধায়কক এইবাৰৰ নিৰ্বাচনত প্ৰক্ষেপ কৰিব নে নকৰে সেই সন্দৰ্ভত বৈঠকত বিতং আলোচনা কৰে। আৰু কিছু কিছুৰ মতে এই বিধায়কসকলৰ পৰিবৰ্তে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পক্ষত থিয় দিছে। যদিহে সেয়া কাৰ্যত পৰিণত হয় তেন্তে এইবাৰৰ নিৰ্বাচনত বহু আগশাৰীৰ নেতা টিকটৰ পৰা বঞ্চিত হোৱাটো খাটাং।

উল্লেখযোগ্য যে এই সন্দৰ্ভত মুখ্য মন্ত্ৰী মানিক সৰকাৰ আৰু ৰাজ্যিক গৰকাপ্তানী মন্ত্ৰী বাদল চৌধুৰীক নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সেউজ সংকেত দিছে।

লক্ষণীয় যে এইবাৰৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন চিপিআই(এম)ৰ বাবে সহজাধ্য নহয় কিয়নো বিজেপিয়ে ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চৰ লগত প্ৰাক মিত্ৰতা সম্পন্ন কৰি শক্তিশালী ৰূপত দলটোৰ সন্মুখত থিয় দিছে।

দলৰ লগতে কেন্দ্ৰীয় সমিতিয়ে প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত অনুমোদন জনোৱাৰ পিছত ৰাজ্যিক সমিতিয়ে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ উদ্দেশ্যৰে জানুৱাৰিৰ ২২ তাৰিখে আলোচনাত বহিব আৰু সকলো ঠিকেই থাকিলে সোমবাৰে তালিকা প্ৰকাশ কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

Related News