NORTHEAST NOW (Assamese)
অসম

মাজুলীত সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং : বিৰিণাবাৰী অঞ্চলেৰে যোগাযোগ বিচ্ছিন্ন

Posted by: মিটু খাটনিয়াৰ August 7, 2018 11:55 am
মাজুলী বান

সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ বুৰাই পেলাইছে নামনি মাজুলীৰ বিৰিণাবাৰী অঞ্চলৰ অৰ্জুনগুৰি, বৰালিমৰা, বিৰিণাবাৰী, বৰুণচুক, চিলাকলাকে ধৰি পাঁচখনকৈ গাঁও। অঞ্চলটোৰে সংযোগী গড়কাপ্তানী পথ বুৰ যোৱাৰ লগতে পথৰ ওপৰত থকা বাঁহৰ দলং খনো উটুৱাই নিয়াত ভীষণ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী।

প্ৰতিবছৰে এই সময়ছোৱাত অঞ্চলটোৰ ৰাইজ এনে সমস্যাৰ সন্মুখীন হয়। তুলুঙা হাত নাৱেৰে নিজা খৰচত ৰাইজ পাৰাপাৰ হৈছে যদিও মধ্য মাজুলীৰ বৃহৎ এটা অঞ্চলৰ মেটেকা আহি গোটেই অঞ্চলটো ভৰি পৰাত হাত নাও চলোৱাটোও বিপদসংকুল হৈ দেখা দিছে।

আনহাতে, এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ আহিও আধা বাটৰ পৰাই ঘূৰি যাব লগা হৈছে। প্ৰতিবছৰে মাজুলীৰ বানত সাধাৰণ ৰাইজে বাৰিষা কাল আৰম্ভ হোৱাৰে পৰা নিৰৱিচ্ছিন্নভাৱে এই সময়ছোৱাত জীয়াতু ভূগিবলগীয়া হয়।

এই বছৰো বাৰিষা আৰম্ভ হোৱাৰে পৰা মাজুলীত ব্ৰহ্মপুত্ৰৰ লগতে আন উপনৈৰ বাঢ়নী পানীয়ে মাজুলীবাসীক জ্বলাকলা খুৱাইছে।