NORTHEAST NOW (Assamese)

স্থায়ী সঞ্চালক নিয়োগৰ দাবীত নেৰীষ্টত ৩ দিন ধৰি অৱস্থান ধৰ্মঘট

March 1, 2018 2:34 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশত অৱস্থিত নৰ্থ ইষ্টাৰ্ণ ৰীজনেল ইনষ্টিটিউট অব ছাইন্স এণ্ড টেক্ন’লজি চমুকৈ নেৰীষ্টৰ ছাত্ৰ একতা সভাই অনুষ্ঠিত কৰি অহা অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘটৰ ফলত শিক্ষানুষ্ঠানটোৰ শৈক্ষিক পৰিবেশ ব্যাহত হৈ পৰিছে।

ছাত্ৰ-ছাত্ৰী সকলে ৰাজ্যখনৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানটোত তাৎক্ষণিকভাৱে এগৰাকী স্থায়ী সঞ্চালক নিয়োগ কৰিবলৈ দাবী জনাই যোৱা ৩ দিন ধৰি উক্ত ধৰ্মঘট কাৰ্যসূচী চলাই আহিছে।

প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ে এতিয়ালৈকে ছাত্ৰ-ছাত্ৰী সকলে জনাই অহা দাবীৰ কোনোধৰণৰ আনুষ্ঠানিক উত্তৰ প্ৰদান কৰা নাই।

আনহাতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিষ্ঠানটোৰ মূল প্ৰবেশদ্বাৰখন বন্ধ কৰি দিয়াৰ লগতে ইয়াৰ ভিতৰলৈ কোনোধৰণৰ যান-বাহন প্ৰবেশ কৰিবলৈ দিয়া নাই।

তেওঁলোকে বিষয়টোৰ ক্ষেত্ৰত মানৱ সম্পদ মন্ত্ৰ্যালয়ে দেখুৱাই অহা ভুমিকাৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে অচলাৱস্থাটো দূৰ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উঠা ৰাজ্যিক কেন্দ্ৰীয় গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৰ বিৰুদ্ধেও শ্লোগান দিয়ে।

উল্লেখযোগ্য যে, শিক্ষা প্ৰতিষ্ঠানটোত এগৰাকী স্থায়ী সঞ্চালক নিয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলে যোৱা ৪ বছৰ ধৰি দাবী জনাই আহিছে।

আনহাতে অস্থায়ীভাৱে প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা ৰাজীব গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য টামো মিবাঙে বিষয়টোৰ মিমাংসা কৰিবলৈ বুধবাৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলক লগ ধৰিছিল যদিও ই ফলপ্ৰসু নহ’ল।

Related News