NORTHEAST NOW (Assamese)
অসম

স্বাধীনতাৰ ৭০ বছৰৰ পিছত বিদ্যুতৰ পোহৰ দেখিলে কোকৰাঝাৰৰ ঘোষকাটা গাঁওবাসীয়ে

Posted by: ৰিনয় বসুমতাৰী July 31, 2018 9:37 pm
IMG-20180731-WA0061

কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঘোষকাটা গাঁওবাসীৰ বাবে আজিৰ দিনটো হৈ ৰ’ব স্মৰণীয়। কিয়নো বছৰ বছৰ ধৰি অন্ধকাৰত থকা উক্ত গাঁওবাসীয়ে আজি লাভ কৰিলে বৈদ্যুতিক সেৱা ।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে যোৱা ১৮ জুলাইত অসমৰ ৰাজ্যপাল জগদীশ মুখী কোকৰাঝাৰত উপস্থিত হৈ উক্ত গাঁওখন পৰিদৰ্শন কৰিছিল। আৰু পৰিদৰ্শনৰ সময়ত গাঁওখনত আজি পৰ্যন্ত বিদ্যুতৰ সংযোগ নোহোৱা দেখি আচৰিত হৈ পৰিছিল আৰু শীঘ্ৰে গাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

স্বাধীনতা লাভ কৰাৰ সুদীৰ্ঘ ৭০ বছৰৰ পিছত ঘোষকাটা গাঁৱৰ ৰাইজে বিদ্যুতৰ পোহৰ দেখাত যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

‘অৱশেষত গাঁওবাসীয়ে বিদ্যুতৰ পোহৰ দেখাত আমি বহু সুখী। ৰাজ্যপালগৰাকীৰ তৎপৰতাতে আমি বিদ্যুতৰ পোহৰ লাভ কৰিবলৈ সক্ষম হোৱাত আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ আমাৰ গাঁৱত ৩১ জুলাইৰ পূৰ্বে বিদ্যুৎ সেৱা প্ৰদানৰ আশ্বাস দিছিল আৰু সেই আশ্বাস আজি বাস্তৱত পৰিণত হোৱাত আমি বহু সুখী’। এইদৰে ঘোষকাটা গাঁৱৰ এজন বাসিন্দাই কয়।

আনহাতে উক্ত গাঁওখনৰে এগৰাকী মহিলা বাসিন্দাই কয়, ‘আজিলৈ আমি পোহৰৰ বাবে কেৰাচিন তেলৰ চাকি ব্যৱহাৰ কৰি আছিলো। ল’ৰা-ছোৱালীবোৰে পোহৰৰ অভাৱৰ বাবে পঢ়া শুণাত বৰ কষ্ট পাই আছিল। কিন্তু আজিৰ পৰা ল’ৰা-ছোৱালীবোৰৰ এই সমস্যা দূৰ হ’ব’। মহিলাগৰাকীয়ে লগতে কয় ‘ল’ৰা-ছোৱালীহালৰ লগতে আজি আমি বহু সুখী’।

উল্লেখ্য যে বিটিচিৰ মুখ্য সচিব বি চি ফুকন, কোকৰাঝাৰৰ উপায়ুক্ত নিৰঞ্জন বৰুৱা, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙ, এএছইবিৰ বিষয়া সঞ্জয় কুমাৰ ভূমিকৰ লগতে ঘোষকাটা গাঁওবাসীৰ উপস্থিতিত আজি বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰা হয়।