NORTHEAST NOW (Assamese)
অৰুণাচল

স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফা (স্বা:)কে ধৰি উত্তৰ-পূবৰ সশস্ত্ৰ বিদ্ৰোহী গোটবোৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2019 10:28 pm
Paresh-Baruah

আৰ এছ এছ-বিজেপিৰ এক দেশ এক ধৰ্ম আৰু এক ভাষাৰ নীতিৰ বিৰুদ্ধে মৰণপণ যুঁজ দিয়াৰ আহ্বান আলফাৰ

আলফা (স্বা:) মুখ্য কৰি উত্তৰ-পূবৰ কেইবাটাও সশস্ত্ৰ বিদ্ৰোহী সংগঠনে আগন্তুক ৭৩ সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ বাবে উত্তৰ-পূববাসীক আহ্বান জনাইছে।

অঞ্চলটোৰ প্ৰধান প্ৰধান সশস্ত্ৰ বিদ্ৰোহী সংগঠনবোৰৰ উমৈহতীয়া সমন্বয় সমিতিয়ে অহা ১৫ আগষ্টত ১২ ঘণ্টীয়া বন্ধ পালন কৰিবলৈ জনগণক আহ্বান জনায়।

এই বন্ধৰ পৰা অপৰিহাৰ্য্য সেৱাবোৰ, যেনে- বান সাহায্য দিয়া, চিকিৎসাসেৱা, পানীযোগান, অগ্নিনিৰ্বাপক সেৱা আদিবোৰক ৰেহাই দিয়া হৈছে। সমিতিৰ বিবৃতিটোত এইদৰে কোৱা হৈছে।

বিবৃতিটোৰ মতে, আত্ম-নিয়ন্ত্ৰণৰ সংগ্ৰাম চলাই থকা জনগণে স্বাধীনতা দিৱস উদযাপন কৰাৰ কোনো মানে নাই।

বিবৃতিটোৰ মূল বক্তব্যখিনি এনে ধৰণৰ,

“ভাৰতে ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ১৫ আগষ্টৰ দিনটোতে ‘পশ্চিম দক্ষিণ-পূব এছিয়া’ অঞ্চলটোৱেই তেওঁলোকৰ স্বাধীনতা লাভ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ব্ৰিটিছ আঁতৰি যোৱাৰ লগে লগে ভাৰতীয় সাম্ৰাজ্যবাদীয়ে এই ১৫ আগষ্টত স্বাধীন হৈ পৰা বিভিন্ন অঞ্চলবোৰক শক্তি প্ৰয়োগ কৰিলে আৰু বিশ্বাসঘাতকতাৰে এইবোৰক চামিল কৰি ল’লে।

জোৰ কৰি চামিল কৰা এই অঞ্চলবোৰৰ সকলো গণতান্ত্ৰিক অনুষ্ঠান ধ্বংস কৰা হৈছিল আৰু থলগিৰী মানুহবোৰক ভাৰত ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য কৰা হ’ল।”

আনহাতে বিবৃতিটোত শেহতীয়াকৈ ৰাজ্যখনৰ নাগৰিকৰ কোনো মত নোলোৱাকৈ সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰি জন্মু-কাশ্মীৰৰ বিশেষ মৰ্য্যাদা কাঢ়ি লোৱা আৰু ৰাজ্যখনক দ্বিখণ্ডিত কৰাৰ জৰিয়তে ভাৰতে অহংকাৰ আৰু গণতান্ত্ৰিক নীতিৰ প্ৰতি অতি অসন্মান প্ৰদৰ্শন কৰা বুলি কয়।

এনেকুৱা স্বৈৰাচাৰী নীতি উত্তৰ-পূবৰ ক্ষেত্ৰতো প্ৰয়োগ হোৱাটো আচৰিত নহয়।

এইবোৰৰ গ্ৰাসৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায় হ’ল ভাৰতৰ পৰা স্বাধীন হোৱাটো, বিবৃতিটোত কোৱা হয়।